ছলমান খানলৈ বাৰে বাৰে ভাবুকি দুৰ্বৃত্তৰ ! ভাবুকি দি আটক যুৱক

নিউজ ডেক্স, ২৯ অক্টোবৰঃ
বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খান আৰু প্ৰয়াত এন চি পি নেতা বাবা ছিদ্দিকৰ পুত্ৰ বিধায়ক জীছান ছিদ্দিকক ভাবুকি দুৰ্বৃত্তৰ । ভাবুকি দিয়া কলৰ গোচৰৰ সৈতে জড়িত এজন যুৱকক আটক।নয়ডাৰ এজন ২০ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে।
মঙলবাৰে নয়দাৰ ছেক্টৰ ৩৯ এলেকাত ধৰা পৰে অভিযুক্ত মহম্মদ টায়াব ওৰফে গুৰফান খান।
এনচিপিৰ নেতা বাবা ছিদ্দিক আৰু বলীউডৰ অভিনেতা ছলমান খানৰ পুত্ৰ জিশ্বান ছিদ্দিক আৰু বলীউডৰ অভিনেতা ছলমান খানৰ বাবে ভাবুকি ফোন আহিছিল, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক মুম্বাইত লৰেন্স বিষ্ণই গেঙৰ সদস্যই গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ কেইসপ্তাহমানৰ পাছত।
ছলমান খান আৰু ল’ৰেন্স বিঞ্চয় গেঙৰ মাজত হোৱা সংঘাতৰ বাবে এই ঘটনা পূৰ্বে বিভিন্ন ধৰণে আক্ৰমণ ঘটনা সংঘটিত হৈছিল। মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত ছলমান খানৰ ঘনিষ্ঠ বন্ধু বাবা ছিদ্দিকীৰ সৈতে সংঘটিত হৈছিল শোকাৱহ ঘটনা। ইয়াৰ পিছত বৃদ্ধি কৰা হৈছে অভিনেতা গৰাকীৰ নিৰাপত্তা।