Crime

গুৱাহাটীত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদেহ, ভাড়াঘৰত উদ্ধাৰ বিপ্লৱী নাথ নামৰ যুৱতীৰ মৃ*তদেহ

নিউজ ডেক্স, ১০ জানুৱাৰীঃ
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ। ভাড়াঘৰৰ ভিতৰত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। ৰুক্মিনীনগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী। মৃতদেহ উদ্ধাৰ কৰা যুৱতীগৰাকীৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে মৃত যুৱতীগৰাকীৰ নাম বিপ্লৱী নাথ। তিনিদিন ধৰি ঘৰৰ মানুহে ফোনত পোৱা নাছিল বিপ্লৱীক। ইফালে দুদিন ধৰি ভাড়াঘৰৰ মানুহে দেখা নাছিল যুৱতীগৰাকীক। ঘৰৰ স্বত্বাধিকাৰী মহিলাই কেইবাবাৰো মাত দিছিল যদিও সঁহাৰি দিয়া নাছিল বিপ্লৱীয়ে। পৰৱৰ্তী সময়ত ঘৰৰ গৰাকীয়ে দুৱাৰত হেচুকি দিওতে খোল খায় দুৱাৰখন। ডেৰমাহ পূৰ্বে লৈছিল যুৱতীগৰাকীয়ে লৈছিল ভাড়াঘৰটো। কোঠাৰ ভিতৰত কম্বল লৈ শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱতীগৰাকীক। কিন্তু কেইবাবাৰো মাত নিদিয়াত সন্দেহ হোৱাত নিশাই আৰক্ষীক খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভালদৰে নিৰীক্ষণ কৰাতহে পোহৰলৈ আহে বিপ্লৱীৰ মৃত্যুৰ কথা। অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ। এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱতীগৰাকী। বিপ্লৱী নাথে। এই ঘটনাক লৈও সৃষ্টি হৈছে চাঞ্চল্য।
বৃহস্পতিবাৰেও পুনৰ গুৱাহাটীৰ ভাড়াঘৰত ভিতৰত উদ্ধাৰ কৰা হৈছে যুৱতীৰ মৃতদেহ। তৰুণ নগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ নাম প্ৰতীক্ষা শৰ্মা বুলি জানিব পৰা গৈছে। চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে প্ৰতীক্ষাৰ মৃতদেহ। তিনিচুকীয়াৰ যুৱতী প্ৰতীক্ষা শৰ্মা কৰ্মসূত্ৰে গুৱাহাটীত আছিল। বুধবাৰে যুৱতীগৰাকীৰ কোঠালৈ আহিছিল এজন যুৱক। CCTVত আবদ্ধ যুৱকজন অহা আৰু ওলাই যোৱাৰ দৃশ্য। যুৱতীগৰাকীয়ে কিয় এনে সিদ্ধান্ত ল’লে এই কথা পোহৰলৈ অহা নাই। অব্যাহত আছে আৰক্ষীৰ অভিযান৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button