আজি বিশ্ব কৰ্কট ৰোগ দিৱস

নিউজ ডেক্স, ৪ ফ্ৰেব্ৰুৱাৰীঃ
আজি কৰ্কট দিৱস (World Cancer Day)। প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীৰ দিনটোত বিশ্ব কৰ্কট দিৱস পালন কৰা হয়।বিশ্বত প্ৰতি বছৰে বৃদ্ধি পাই আছে কৰ্কট ৰোগীৰ সংখ্যা।
বিশ্ব কৰ্কট দিৱস – ইতিহাসঃ ২০০০ চনত প্ৰথমবাৰৰ বাবে বিশ্ব কৰ্কট দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰা প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে। ইয়াৰ আৰম্ভণি কৰিছিল ইউনিয়ন ফৰ ইন্টাৰনেশ্যনেল কেন্সাৰ কন্ট্ৰোল (UICC)য়ে। এই সংগঠনটোৱে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে। উল্লেখ্য যে, বিশ্ব কৰ্কট দিৱসৰ দিনা বিভিন্ন অনুষ্ঠান, সজাগতা সভা, স্বাস্থ্য শিবিৰ আদি অনুষ্ঠিত হয়।
উল্লেখ কৰা প্ৰয়োজন যে, ১৯৯৯ চনৰ ৪ ফেব্ৰুৱাৰীত পেৰিছত অনুষ্ঠিত হোৱা কৰ্কট ৰোগ বিৰোধী বিশ্ব সন্মিলনত প্ৰথমবাৰৰ বাবে বিশ্ব কৰ্কট দিৱসৰ বিষয়টো উত্থাপন কৰা হৈছিল। ইয়াৰ পাছত ২০০০ চনৰ ৪ ফেব্ৰুৱাৰীত কৰ্কট ৰোগ বিৰোধী বিশ্ব সন্মিলন এই দিৱসৰ চনদত স্বাক্ষৰ হয় আৰু তেতিয়াৰ পৰা আনুষ্ঠানিকভাৱে এই দিৱস উদযাপনৰ আৰম্ভণি হয়।
বিশ্ব কৰ্কট দিৱস – তাৎপৰ্য্যঃ সমগ্ৰ বিশ্বতে কৰ্কট ৰোগ এক ভয়াৱহ মহামাৰী হিচাপে বিশ্ব কৰ্কট দিৱস ঘোষণাক মানুহে আদৰণি জনাইছে। তদুপৰি কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পেলোৱাটো অতি গুৰুত্বপূৰ্ণ। প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰা বেছিভাগ কৰ্কট ৰোগ চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণৰূপে নিৰাময় হয়, যাৰ ফলত মৃত্যুৰ পৰা ৰক্ষা পৰে। এই কৰ্কট দিৱস উপলক্ষে সমগ্ৰ বিশ্বতে বিভিন্ন সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে।