National
দিন মজুৰি কৰি খোৱা স্বামীক এৰি চাকৰি কৰা যুৱকৰ লগত পলাল পত্নী!

নিউজ ডেক্স, ২৮ জানুৱাৰীঃ
দিন মজুৰি কৰি খোৱা স্বামীৰ লগত সুখ নাপালে পত্নীয়ে, সেই বাবে চাকৰি কৰা যুৱকৰ লগত পলাল বোৱাৰী । এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় অমৰাগুৰীত । এগৰাকী ১০ বছৰীয়া কন্যা লৈ সুখে দুখে দুবেলা দুমুঠি খাই চলি থকা এই পৰিয়ালটিত কাল লগালে অমৰাগুৰীৰে ৰাজা দাস নামৰ এজন যুৱকে ।
চাকৰিৰ প্ৰলোভন দি প্ৰীতি দাস নামৰ বোৱাৰী গৰাকীক পলায় লৈ যায় ৰাজাই । যোৱা ১৯ জানুৱাৰী দিনা মাকৰ ঘৰলৈ গৈ পুনৰ স্বামীৰ ঘৰলৈ উভতি নাহিল পত্নী প্ৰীতি দাস । অৱশেষত স্বামীয়ে ফোনৰ যোগে যোগাযোগ কৰিলে পত্নীলৈ, কিন্তু পত্নীয়ে কলে তই গাড়ীত বেল্ছা মাৰি বালি উঠোৱা মানুহ হে, মই এতিয়া চাকৰিয়াল মানুহৰ লগত থাকো বুলি কলে ।
উপাইহীন হৈ স্বামীয়ে স্থানীয় আৰক্ষী চকীত চাপি ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিলে ।