কাৰ দখলত যাব দিল্লী?

নিউজ ডেক্স, ৫ ফ্ৰেব্ৰুৱাৰীঃ
আজি দিল্লী বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ আৰম্ভ হৈছে ভোটদান। সন্ধিয়া ৬ বজা পৰ্যন্ত চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। এই নিৰ্বাচনত আম আদমী পাৰ্টি (AAP), ভাৰতীয় জনতা পাৰ্টি (BJP) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত ত্ৰিপাক্ষিক যুদ্ধৰ সৃষ্টি হৈছে। দিল্লীৰ ৭০খন বিধানসভা আসনৰ বাবে নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে আপ, কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ।
১.৫ কোটি জনতাই নিৰ্ণয় কৰিব ৭০০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ ভিতৰত ৬০৩জন পুৰুষ, ৯৫গৰাকী মহিলা, এগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী আছে। ১৩,৭৬৬টা ভোটগ্ৰহণ কেন্দ্ৰত চলিছে ভোটগ্ৰহণ পৰ্ব। অহা ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল । নিৰ্বাচনক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে দিল্লীত।
বিগত তিনিটা বিধানসভা নিৰ্বাচনত নতুন দিল্লী বিধানসভা আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছে অৰবিন্দ কেজৰিৱালে । উল্লেখযোগ্য যে দিল্লীৰ ৰাজনৈতিক পৰিৱেশ এইবাৰ অতি উত্তপ্ত, কিয়নো প্ৰতিটো পাৰ্টিয়েই নিজৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ পূৰা শক্তিৰে প্ৰচাৰ চলাইছে