National

গোৱাত আৰক্ষীৰ জালত পৰিল কেনেকৈ মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মণ? কেতিয়া অনা হ’ব অসমলৈ

নিউজ ডেক্স, ২৮ অক্টোবৰঃ
ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকা লুন্ঠন কৰা ডি বি ষ্টকৰ স্বত্বাধিকাৰী দিপাংকৰ বৰ্মনক শেহতীয়াকৈ গোৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিগত ৬৬ দিন পিছত পলাতক হৈ থকাৰ পিছত দীপাংকৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গোৱাৰ পাঞ্চীত আত্মগোপন কৰি আছিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন।
ACP অমিত মাহাতোৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পানজিমত এজন বিশেষ লোকক লগ কৰিবলৈ আহিছিল দীপাংকৰ বৰ্মন। তেতিয়াই আৰক্ষীৰ হাতত ধৰা পৰে দীপাংকৰা বিগত কেইবাদিনো ধৰি অসম আৰক্ষীৰ দলটোৱে তাত অনুসন্ধান কৰি কৌশলেৰে ধৰিছে দীপাংকৰক।
গ্ৰেপ্তাৰৰ পাছতেই দীপাংকৰৰ পৰা ৫০০ টকীয়া নোটৰ কেইবাটাও বাণ্ডিল লগতে ,দুটাকৈ মোবাইল ফোন, সোণৰ চেইন, আঙুঠি জব্দ কৰিছে আৰক্ষীৰ দলো গ্ৰেপ্তাৰৰ পিছতে গোৱাত দীপাংকৰ বৰ্মনে থকা কোঠাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ধনৰ লগতে এইসমূহ সামগ্রী। অভিযানত আৰক্ষীয়ে মহাপ্ৰৱঞ্চক দিপাংকৰ বৰ্মনৰ ওচৰত নগদ ২৭লাখ ৬হাজাৰ ৭৫০টকা জব্দ কৰে। গ্ৰেপ্তাৰ হোৱাৰ সময়ত ফায়াৰফ্লাই নামৰ এটা হোম ষ্টেত আছিল দীপাংকৰ বৰ্মন। 
গোৱাত গ্ৰেপ্তাৰ কৰা মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক আজিয়েই গুৱাহাটীলৈ অনাৰ সম্ভাৱনা আছে। আজি গোৱাৰ পানজিমৰ আদালতত হাজিৰ কৰাব দীপাংকৰক।
২১ আগষ্টৰ পৰা পলাতক হৈ আছিল মহা প্ৰৱঞ্চকটো। ঘটনা পোহৰলৈ অহাৰ পিছতে ১৯ আগষ্টত প্ৰথমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দীপাংকৰৰ প্ৰেয়সী মনালিছা দাসক। আৰক্ষীয়ে তদন্ত কৰি আৰক্ষীয়ে DB ষ্টকৰ কাৰ্যালয়ৰ একাউণ্টে জিণ্টুমণি কলিতাক গ্ৰেপ্তাৰ কৰিছিল। কেলেংকাৰীত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দীপাংকৰৰ পিতৃ মাতৃৰ লগতে CAক।

৬ ৰাজ্যত ম’ষ্ট ৱাণ্টেড দীপাংকৰ অসমকে ধৰি ৬ খন ৰাজ্যত ম’ষ্ট ৱাণ্টেড আছিল মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মন।  দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে তেলেংগানা আৰক্ষীয়ে। হায়দৰাবাদৰ KPHB কলনীত থকা DB ষ্টকৰ কাৰ্যালয়ত অভিযান চলাইছে আৰক্ষীয়ে। ইতিমধ্যে কেবাগৰাকীও কৰ্মচাৰীক জেৰা চলাইছে হায়দৰাবাদ আৰক্ষীয়ে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button