NIA বিশেষ আদালতে কি ৰায় দিলে অখিল গগৈৰ গোচৰৰ বিৰুদ্ধে

নিউজ ডেক্স, ২২ অক্টোবৰঃ
শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈৰ বিৰুদ্ধে ৰুজু আছিল বিশেষ গোচৰ।কা’ আন্দোলনৰ সময়ত অখিল গগৈয়ে ষড়যন্ত্ৰ কৰি দুটা সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰা আছিল গুৰুতৰ অভিযোগ।
আজি অখিল গগৈৰ বিৰুদ্ধে UAPA ৰ কেইবাটাও ধাৰাত ছাৰ্জ ফ্ৰেম কৰিলে NIA আদালতে।ৰাষ্ট্ৰদ্ৰোহ নকৰাৰ অভিযোগ আঁতৰিলেও বিধায়ক অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ‘কা’ বিৰোধী আন্দোলনত তেওঁলোকৰ ভূমিকাক লৈ ছাৰ্জ ফ্ৰেম কৰিছে এন আই এৰ বিশেষ আদালতে ।
ইউ এ পি এ আৰু আই পি চিৰ ধাৰাৰ অধীনত এই চাৰিওগৰাকীৰ বিৰুদ্ধে ছাৰ্জ ফ্ৰেম কৰিছে এন আই এৰ বিশেষ আদালতে । অখিল গগৈয়ে কয় যে “ৰাষ্ট্ৰ বা ৰাজ্য এখনৰ চৰকাৰৰ বিৰুদ্ধে যোৱা বা চৰকাৰৰ কামৰ বিৰোধীতা কৰাটো এক কঠিন কাম। আদালতে আমাক ৰেহাই দিছিল। কিন্তু দুয়োখন চৰকাৰে মোৰ বিৰুদ্ধে সৰৱ হৈছে। এয়া আজিৰ আদালতৰ ৰায়ৰ পৰা জানিব পৰা যায়।”
কা’ আন্দোলনত বিধায়ক অখিল গগৈয়ে কা ‘ বাতিলৰ বিৰোধীতা কৰিছিল।কা আন্দোলনৰ সময়ত দল সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিভিন্ন ধৰণে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰিছিল। সেই সময়ত তঅখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ‘কা’ বিৰোধী আন্দোলনত তেওঁলোকৰ ভূমিকাক লৈ গোচৰ ৰুজু হৈছিল আৰু আদালতৰ পৰা এই বিষয়ত ছাৰ্জ ফ্ৰেম কৰিছে ।