National
বাজেটত কিহৰ দাম কমিল?

নিউজ ডেক্স, ১ ফ্ৰেব্ৰুৱাৰীঃ
আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে সাধাৰণ বাজেট । মধ্যবিত্তৰ বাবে ডাঙৰ সকাহ বাজেটত । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, ভাৰতত প্ৰস্তুত কৰা কাপোৰ, ম’বাইল আৰু চামৰাৰ সামগ্ৰীৰ দাম হ্ৰাস পাব। দাম কমিব এলইডি আৰু স্মাৰ্ট টিভিৰ। ম’বাইল আৰু ইলেকট্ৰ’নিক গাড়ীৰ দাম হ্ৰাস পাব। ৩৬ বিধ ঔষধৰ আবকাৰী শুল্ক হ্ৰাস পাব।
কৰ্কটকে ৰোগকে ধৰি মুঠ ৩৬ বিধ জীৱন দায়িনী ঔষধত থকা কৰ ১০০ শতাংশ পৰ্যন্ত হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰোপৰি আন ৬ টা জীৱন দায়িনী ঔষধত ৫ শতাংশ কৰ ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।আয়কৰক লৈও বিত্তমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰে বাজেটত। এতিয়া ১২ লাখ টকা আয়ত কোনোধৰণৰ আয়কৰ দিব নালাগে।