Vastu Tips:কেচিৰ সৈতে জড়িত এই ভুল সমূহ কৰে নেকি আপুনিও?জানি লওক ঘৰত কেচি ৰখাৰ সঠিক নিয়ম
নিউজ ডেক্স, ২৯ মে’
বাস্তু শাস্ত্ৰত ঘৰত ৰাখিব লগা সকলো কথা বুজাই দিয়া হয়। যদি বাস্তুৰ এই নিয়মবোৰ মানি নচলে তেন্তে ঘৰত বাস্তুৰ দোষ দেখা দিয়ে। বাস্তুৰ বিসংগতিৰ বাবে ঘৰত বসবাস কৰা সদস্যসকলে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। প্রতিখন ঘৰতে কেঁচি প্রয়োজন ৷ আপুনি জানেনে যে বাস্তুৰ নিয়ম মানি নচলিলে এই কেঁচিবোৰেও ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঘৰত কেঁচি ৰখাৰ বাস্তু নিয়ম জানি লওঁক
বাস্তু শাস্ত্ৰৰ মতে,
১) কেঁচি লুকুৱাই ৰাখিব লাগে বা য’ত কোনেও বেছি দেখা নাপায়। কেঁচি এখন চোকা বস্তু, ইয়াক মুকলি ঠাইত ৰাখিলে নেতিবাচকতা বৃদ্ধি পায়।মুকলি ঠাইত ৰখা কেঁচি ঘৰুৱা বিপদ, কাজিয়াৰ এক ডাঙৰ কাৰণ হ’ব পাৰে। এই কাৰণে কোৱা হয় যে কেঁচি লুকুৱাই ৰাখিব লাগে।
২)কেঁচি কাকো উপহাৰ হিচাপে দিব নালাগে। কোৱা হয় যে ইয়াৰ ফলত সম্পৰ্ক নষ্ট হয় আৰু কাজিয়া বাঢ়ে।
৩)বাস্তু শাস্ত্ৰৰ মতে কম চোকা এনে কেঁচি ঘৰত ৰাখিব নালাগে। যদি কেঁচিৰ ধাৰে কমি গৈছে তেন্তে তৎক্ষণাত সংশোধন কৰিব লাগে, নহ’লে বাস্তুৰ দোষ হ’ব পাৰে।
৪)আপুনি নিশ্চয় প্ৰায়ে বয়োজ্যেষ্ঠৰ পৰা শুনিছে যে খালী কেঁচি ব্যৱহাৰ কৰিব নালাগে। আচলতে বাস্তু শাস্ত্ৰৰ মতে অপ্ৰয়োজনীয়ভাৱে আৰু খালী হাতেৰে কেঁচি ব্যৱহাৰ কৰা উচিত নহয়, ইয়াৰ ফলত ঘৰুৱা সমস্যা বাঢ়ি যায় আৰু পৰিয়ালৰ সদস্যৰ মাজত কাজিয়াৰ সৃষ্টি হয়।
৫) ঘৰৰ শোৱা কোঠা আৰু পূজা কক্ষত কেঁচি ৰাখিব নালাগে। ইয়াৰ ফলত নেতিবাচকতা আহি পৰে। লগতে ঘৰৰ মন্দিৰত কেঁচি ৰাখিলে তেতিয়া পূজাৰ সম্পূৰ্ণ ফলাফল নাপায়।
৬)শনিবাৰে ভুলতেও কেঁচি কিনিব নালাগে। শাস্ত্ৰ মতে শনিবাৰে কেঁচি কিনিলে শনি দোষৰ সৃষ্টি হয়।