Sports

TRP ৰ বাবে ভাল, কিন্তু বিৰাট কোহলীৰ সৈতে মোৰ সম্পৰ্ক ব্যক্তিগত’বিৰাট কোহলীৰ সৈতে সম্পৰ্ক কেনেকুৱা? ক’লে সংবাদমেলত প্ৰশিক্ষক গৌতম গম্ভীৰে

নিউজ ডেক্স , ২২ জুলাইঃ
২৭ জুলাইৰ পৰা আৰম্ভ হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত টি-২০ শৃংখলা। ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে প্ৰথমবাৰলৈ টীম ইণ্ডিয়াৰ সৈতে গৌতম গম্ভীৰ। তাৰ আগতে টীম ইণ্ডিয়াৰ দায়িত্বভাৰ লৈয়েই এখন সংবাদমেল সম্বোধন কৰে গৌতম গম্ভীৰে। এই সংবাদমেলত মুখ্য প্ৰশিক্ষকগৰাকীৰ সৈতে উপস্থিত আছিল ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰো ৷
টীম ইণ্ডিয়াৰ নতুন প্ৰশিক্ষক গৌতম গম্ভীৰে সংবাদমেলত বিৰাট কোহলীৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰিছিল ৷ তেওঁ সেই প্ৰশ্নৰ পোনপটীয়াকৈ কয় যে, “বিৰাট কোহলীৰ সৈতে মোৰ সম্পৰ্ক আমাৰ দুয়োৰে মাজত, টিআৰপিৰ বাবে নহয়”। “টিআৰপিৰ বাবে ভাল, কিন্তু মোৰ সম্পৰ্ক ৰাজহুৱা নহয়। মই বিৰাট কোহলীৰ সৈতে কেনে ধৰণৰ সম্পৰ্ক ভাগ বতৰা নকৰোঁ… মই ভাবো এয়া দুজন পৰিপক্ক ব্যক্তিৰ মাজত,” । সকলোৰে ওচৰত ভাৰতীয় জাৰ্চি পিন্ধি খেলাৰ অধিকাৰ আছে। এইটো গুৰুত্বপূৰ্ণ নহয় যে, মেচৰ আগত বা মেচ হৈ হোৱা পাছত আমি কি আলোচনা বা কথা পাতিলো। এতিয়ালৈকে, আমি ভাৰতক প্ৰতিনিধিত্ব কৰি আছো, আমি 140 কোটি ভাৰতীয়ক প্ৰতিনিধিত্ব কৰিছো। একে পৃষ্ঠাতে থাকিম আৰু ভাৰতক গৌৰৱান্বিত কৰিবলৈ চেষ্টা কৰিম। খেলপথাৰৰ বাহিৰত তেওঁৰ সৈতে আমাৰ এক সুন্দৰ সম্পৰ্ক আছে। আৰু সেইটো অব্যাহত থাকিব। এই সকলোবোৰ ৰাজহুৱা কৰাৰ প্ৰয়োজন নাই। খেলৰ সময়ত বা পিছত মই তেওঁৰ সৈতে কিমান বাৰ্তালাপ কৰোঁ সেয়া গুৰুত্বপূৰ্ণ নহয়। তেওঁ এজন সম্পূৰ্ণ পেছাদাৰী, এজন বিশ্বমানৰ খেলুৱৈ আৰু মই আশা কৰোঁ তেওঁ তেনেদৰেই থাকিব।”

যদি ফিটনেছ ভাল হয়, তেন্তে আমি 2027 বিশ্বকাপ খেলিব পাৰোঁ।

ইয়াৰ উপৰিও গম্ভীৰে কোহলী আৰু ৰোহিতৰ ভৱিষ্যতৰ বিষয়েও কয়, “বিৰাট আৰু ৰোহিত দুয়োৰে ক্ৰিকেটত যথেষ্ট বাকী আছে, তেওঁলোক বিশ্বমানৰ, যিকোনো দলে তেওঁলোক দুয়োকে অন্তৰ্ভুক্ত কৰিব পাৰে – চেম্পিয়নছ ট্ৰফী, অষ্ট্ৰেলিয়া শৃংখলা আছে, তেন্তে যদি ফিটনেছ ভাল হয় তেন্তে আমি ২০২৭ চনৰ বিশ্বকাপ খেলিব পাৰোঁ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button