National
সাৱধান! বাটৰুৱা কুকুৰৰ আক্ৰমণত এজনৰ সৈতে শোকাৱহ ঘটনা

নিউজ ডেক্স, ২০ নৱেম্বৰঃ
বাটৰুৱা কুকুৰৰ আক্ৰমণত মৃত্যু হ’ল এজনৰ ৷ যোৰহাট নগৰৰ বৰপুল গোহাঁইটেকেলা গাঁৱৰ গুৰুকুল বিদ্যালয়ৰ ৰ সমীপত সোমবাৰে নিশা এজাক কুকুৰে আক্ৰমণ কৰিছিল ইছলামউদ্দিন লস্কৰক। কুকুৰৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় ইছলামউদ্দিন লস্কৰ ৷
লোকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাত লোকজনৰ মৃত্যু হয়৷ মৃত লোকজনৰ প্ৰকৃত ঘৰ হাইলাকান্দিত।নিশা দেৰিলৈকে কাম কৰি অহা অৱস্থাত এই ঘটনা সংঘটিত হয়৷