National

বাঘপাটত ভগৱান আদিনাথৰ নির্বাণ লাডু উৎসৱত শোকাৱহ ঘটনা, বৃদ্ধি পাইছে নিহতৰ সংখ্যা, শতাধিক আহত

নিউজ ডেক্স, ২৮ জানুৱাৰীঃ

উত্তৰ প্ৰদেশৰ বাঘপাট জিলাত সংঘটিত বৃহৎ দুর্ঘটনা। বাঘপাটত ভগৱান আদিনাথৰ নির্বাণ লাডু উৎসৱৰ কাৰ্যসূচীৰ বাবে আয়োজন কৰা অনুষ্ঠানত এখন কাঠৰ মঞ্চ ভাঙি পৰি এই দুর্ঘটনা সংঘটিত হয়।শ্রী দিগম্বৰ জৈন ডিগ্ৰী মহাবিদ্যালয়ৰ চৌহদত নির্মিত কাৰ্যসূচীৰ মঞ্চ ভাঙি যায়। নির্বাণ মহোৎসৱৰ অধীনত ৬৫ ফুট উচ্চতাৰ মঞ্চ নিৰ্মাণ কৰা হৈছিল। সেই ৬৫ ফুট উচ্চতাৰ মঞ্চ খনেই ভাঙি যায়।

কাঠৰ মঞ্চখন ভাঙি পৰাৰ ফলত মঞ্চৰ তলত আৱদ্ধ হৈ ৭ জন ভক্তৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৮০ জনতকৈ অধিক। সংকটজনক অৱস্থাত কেইবাজনো লোক।

খবৰ তথ্য অনুসৰি এম্বুলেন্সৰ ব্যৱস্থা নথকাৰ বাবে আহতসকলক ততাতৈয়াকৈ ই-ৰিক্সাৰ সহায়ত চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়। তথ্যৰ ভিত্তিত বৰাউত কোতৱালি পৰিদৰ্শকেও আৰক্ষী বাহিনীৰ সৈতে সেই স্থানত উপস্থিত হয়। আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকেও সেই স্থানত উপস্থিত হয়। আহতসকলৰ ভিতৰত প্ৰায় ১৫জন আৰক্ষীও আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button