এইবাৰ বৰাকত কোটিটকীয়া বৃহৎ ট্ৰেডিং কেলেংকাৰি, ট্ৰেডিং কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড দীপাঞ্জন নাথক গ্ৰেপ্তাৰ

নিউজ ডেক্স, ২৯ জানুৱাৰীঃ
ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাছত এইবাৰ বৰাকত বৃহৎ ট্ৰেডিং কেলেংকাৰি। ১৬ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইন্ড দীপাঞ্জন নাথক গ্ৰেপ্তাৰ হাইলাকান্দি আৰক্ষীৰ। হাইলাকান্দিৰ কলেজ ৰোডৰ পৰা গ্ৰেপ্তাৰ এই ২৯ বছৰীয়া যুবকজন। ফিনসিং ট্ৰেডিং -ৰ নামত হাইলাকান্দি তথা বৰাক উপত্যকাৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰিছিল বৃহৎ অৰ্থ । বৰ্তমানে হাইলাকান্দি সদৰ আৰক্ষী চকীত ১৮/২০২৫ নং এখন গোচৰ ৰুজু কৰে হাইলাকান্দি আৰক্ষীয়ে। এই কেলেংকাৰীৰ আন দুজন মাষ্টাৰ মাইন্ড হৈছে পাৰ্থ প্ৰ্তীম দেবনাথ আৰু ৰাজা দে -ক আৰক্ষীয়ে বৰ্তমান বিচাৰি আছে । হাইলাকান্দি আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহীতাৰ ৩১৮(৪) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছে এই যুবকজনক । ১ লাখ টকাৰ বিনিময়ত মাহৰ পাছত ১.৮ লাখ টকা প্ৰদানৰ লোভ দেখুৱাই হাইলাকান্দিৰ প্ৰায় ২০০ জন যুবকৰ পৰা সংগ্ৰহ কৰা হৈছিল প্ৰায় ১৬ কোটি টকা ।