Crime

বুধবাৰে বিয়া, ঘৰত পেণ্ডেলৰ কাম চলি আছিল, কিন্তু হঠাতেই পিতৃ-মাতৃ-ভগ্নীৰ সৈতে ঘটিল নৃশংস ঘটনা, কোনে নি:শেষ কৰিলে পৰিয়াল?

নিউজ ডেক্স, ২৩ নৱেম্বৰঃ
এক লোমহৰ্ষক ঘটনাই কঁপাই গৈছে ৰূপহীহাটৰ গড়াজান। একেটা পৰিয়ালৰ তিনিজনৰ লগতে আন এজন যুৱকক ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তই চাৰি জনক চোকা অস্ত্ৰৰে হত্যা কৰি পলায়ন। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰে আটাইকেইজন লোকক।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত। কোনে কি কাৰনত হত্যা কৰিলে কাৰণ বৰ্তমানলৈকে জানিব পাৰিব নাই যদিও প্ৰেম জনিত কাৰণত হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।
মৃত লোক কেইজন হ’ল, গুণধৰ চৰকাৰ (৫৮) সূৰধ্বনী চৰকাৰ (৫০) জয়স্মিতা চৰকাৰ (২৩) আৰু এজন প্ৰায় ৩৫ বছৰীয়া অচিনাকী যুবক।
গুণধৰ চৰকাৰৰ জেষ্ঠ কণ্যা নবষ্মীতা সৰকাৰৰ অহা বুধবাৰে ছাইদৰীযা গাঁৱৰ কুশল চৰকাৰৰ লগত বিবাহ ঠিক হৈছিল। ঘৰত বিবাহৰ প্ৰস্তুতি চলি আছিল। ঘৰত পেণ্ডেলৰ কাম চলি আছিল। হত্যাকাণ্ডৰ সময়ত নবষ্মীতা সৰকাৰ নগাঁও টাউনত বিবাহৰ কাৰনে বজাৰ কৰি আছিল। সেই সময়তে দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নৱস্মিতাৰ পিতৃ-মাতৃ, ভগ্নী আৰু এজন যুৱকক নৃশংসভাৱে হত্যা কৰে। ইতিমধ্যেই ঘটনাস্থলীত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। আশ্বৰ্যকৰ বিষয় হল গুণধৰৰ পৰিয়ালৰ তিনিজনৰ সৈতে পৰি থকা মৃতদেহটো কাৰ? কৰ পৰা আহিছিল লোকজন?

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button