Crime
চাঞ্চল্যকৰ হ*কাণ্ড!জোৱায়েকে প্ৰাণ ল’লে শহুৰেকৰ

নিউজ ডেক্স, ২৯ জানুৱাৰীঃ
জাগুনৰ ৩ নং উদয়পুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিজ জোৱায়েকে হত্যা কৰিলে শহুৰেকক ৷ জাগুনৰ ৩ নং উদয়পুৰৰ বাসিন্দা চাণিকা বাৰাইক (৪২) নামৰ ব্যক্তিজনক নিজৰ জোৱায়েক মনোজ কামাৰে (২৭) কোনো কাৰণ নোহোৱাকৈ সমান্য কথাৰ বাত বিতণ্ডাৰ বাবেই মঙ্গলবাৰে নিশা দাৰে ঘপিয়াই হত্যা কৰে ৷ ইফালে উক্ত ঘটনাত বাধা দিবলৈ যাওঁতে শাহুৱেককো দাৰে ঘপিয়াই আহত কৰে জোৱায়েক মনোজ কামাৰে ৷ উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ সময়ত সুৰাসক্ত অৱস্থাত আছিল মনোজ কামাৰ ৷ ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতেই জোৱায়েক মনোজ কামাৰক স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই লেখাপানী আৰক্ষীক গতাই দিয়ে ৷