National
বিয়াৰ অনুষ্ঠানত নাচি থাকোতেই হঠাতে বাগৰি পৰে ভগ্নী তাৰপিছত…

নিউজ ডেক্স, ১০ ফেব্ৰুৱাৰীঃ
মধ্য প্ৰদেশৰ বিদিশা জিলাৰ এটা ৰিজৰ্টত বিবাহ অনুষ্ঠানৰ সময়ত নৃত্য কৰি থকা এগৰাকী ২৩ বছৰীয়া যুৱতীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। যুৱতী গৰাকী ইন্দোৰৰ বাসিন্দা পৰিণীতা জৈন বুলি জানিব পৰা গৈছে। যুৱতী গৰাকীৰ সম্পৰ্কীয় ককায়েকৰ বিয়াত উপস্থিত আছিল। তেওঁ ইন্দোৰৰ বাসিন্দা। আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে হালধি অনুষ্ঠান আছিল। বিয়াখনক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল। নাচি থকা অৱস্থাত হঠাৎ মঞ্চত পৰি যায় পৰিণীতা।ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত পৰিণীতাই হালধি অনুষ্ঠানৰ সময়ত মঞ্চত নৃত্য কৰা দেখা গৈছিল, য’ত বহু অতিথি উপস্থিত আছিল। যুৱতীগৰাকীক তৎকালীনভাৱে স্থানীয় ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
