Sports

T-20 বিশ্বকাপ ক্ৰিকেটত জয়ৰ ধাৰা অব্যাহত ভাৰতৰ,আমেৰিকাক পৰাস্ত কৰি ছুপাৰ-৮ত স্থান নিশ্চিত কৰিলে ৰোহিত বাহিনীয়ে

নিউজ ডেক্স, ১৩ জুনঃ
টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ত স্থান নিশ্চিত কৰিলে ৰোহিত বাহিনীয়ে৷ গ্রুপ পৰ্যায়ৰ তৃতীয়খন মেচত আমেৰিকাৰ বিৰুদ্ধে ৮ উইকেট জয়ী হয় ভাৰতীয় দলটো। কানাডা আৰু পাকিস্তানক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা আমেৰিকাই অৱশেষত টীম ইণ্ডিয়াৰ হাতত পৰাজয় স্বীকাৰ কৰে। একেৰাহে ৩খন মেচত জয়ী হৈ জয়ৰ হেট্ৰিক অৰ্জন কৰে ৰোহিত বাহিনীয়ে। আয়াৰলেণ্ড, পাকিস্তান আৰু শেহতীয়াকৈ আয়োজক দল আমেৰিকাক পৰাস্থ কৰি ছুপাৰ ৮ ত স্থান লাভ কৰে মেন ইন ব্লু,

ভাৰতীয় দলে ট’ছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল৷ আমেৰিকাই প্ৰথমে বেটিং কৰি ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্র ১১০ ৰাণ। ভাৰতীয় দলটোক ১১১ ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷ পৰৱৰ্তী সময়ত ভাৰতে বেটিং কৰি প্ৰথম ৮ অ’ভাৰতে ৩টা উইকেট হেৰুৱাই যদিও সূর্য কুমাৰ যাদৱ আৰু শিৱম ডুবেৰ দর্শনীয় বেটিঙৰ ফলত ভাৰতে ১০টা বল বাকী থাকোতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ সূৰ্য কুমাৰ যাদৱে ৪৯টা বলত ৫০ ৰাণৰ দুৰ্দান্ত অৰ্ধশতক অৰ্জন কৰে। শিৱম ডুবেও ৩৫টা বলত ৩১ ৰাণ সংগ্ৰহ কৰে।
ভাৰতৰ হৈ বলিঙত অৰ্শ্বদ্বীপ সিঙে ৪ অ’ভাৰত ৯ ৰাণ খৰচ কৰি ৪টা উইকেটা দখল কৰে। তদুপৰি হাৰ্ডিক পাণ্ডিয়াই ২টা উইকেট লাভ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button