Sports

T-20 বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ দখল টীম ইণ্ডিয়াৰ

নিউজ ডেক্স, ৩০ জুন : টি-২০ বিশ্বকাপৰ ফাইনেলত খিতাপ দখল কৰিলে টীম ইণ্ডিয়াই। দক্ষিণ আফ্ৰিকাক হৰুওৱাই টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম ভাৰতীয় দলটি। সুদীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই ১৭ বছৰৰ পিছত টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিলে ভাৰতে।

১৭৬ ৰানৰ লক্ষ্যৰে আগবঢ়া মেচখনত ৭ ৰাণৰ ব্যৱধানত জয়ী হয়‌ টীম ইণ্ডিয়া। ৰোহিত শৰ্মাৰ নেতৃত্বত ১৩ বছৰীয়া ICC ট্ৰফীৰ অপেক্ষাৰ অন্ত পৰিল ভাৰতৰ। ভাৰতৰ বলিং বিক্ৰমৰ সন্মুখত ১৬৯ ৰাণতে ধৰাশায়ী হয় দক্ষিণ আফ্ৰিকা।

মেচখনত টছত জয়ী হৈ ভাৰতে প্ৰথম বেটিঙ কৰিছিল। বিশ্বকাপৰ ফাইনেলত দুৰ্দান্ত অৰ্ধশতক অৰ্জন কিং কোহলীয়ে। বেটিং কৰি প্ৰথম অ’ভাৰতে বিস্ফোৰক আৰম্ভণি দিয়ে বিৰাট কোহলীয়ে। কিন্তু দ্বিতীয় অ’ভাৰতে ভাৰতে হেৰুওৱাই অধিনায়ক ৰোহিত শৰ্মাৰ উইকেট।

দ্বিতীয় ইনিংছৰ প্ৰথম ১৫ অ’ভাৰত দক্ষিণ আফ্ৰিকাই দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱাছিল যদিও হাৰ্দিক পাণ্ডিয়া, জশপ্ৰীট বুমৰাহ আৰু অৰ্শ্বদ্বীপৰ দুৰ্দান্ত বলিঙত পতন ঘটিল দক্ষিণ আফ্ৰিকাৰ।ভাৰতীয় সময় অনুসৰি ৮ বজাৰ পৰা বাৰ্বাডোজৰ ষ্টেডিয়ামত আৰম্ভ হোৱা ক্ৰিকেটৰ এই মহাৰণত ভাৰতীয় দলে টি ২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাক হৰুৱাই জয়লাভ কৰিবলৈ সক্ষম হয়। এই বিজয়ৰ পিছত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে আদি কৰি কোটি কোটি ভাৰতীয়ই টীম ইণ্ডিয়াক জনালে আন্তৰিক শুভেচ্ছা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button