Swiggy , Zomato জৰিয়তে অৰ্ডাৰ কৰিব পাৰিব সুৰা! কোন কোন ৰাজ্যই পাৰিব অৰ্ডাৰ কৰিব জানি লওক

নিউজ ডেক্স, ১৭ জুলাইঃ
প্ৰায়ে দেখা যায় যে সুৰাৰ দোকানত যথেষ্ট ভিৰ থাকে। দীঘলীয়া শাৰী, তাৰ বাবে সুৰা ক্ৰয় কৰা কঠিন হৈ পৰে। এতিয়া আপুনি ইয়াৰ বিষয়ে চিন্তা কৰিব নালাগে। কাৰণ এতিয়া আপুনি কাপোৰ ঘৰুৱা সমগ্ৰী সমূহ অনলাইনত যেনেদৰে অৰ্ডাৰ কৰে ঠিক তেনেদৰে এইবাৰ সুৰা অৰ্ডাৰ কৰিব পাৰিব৷
প্ৰতিবেদন অনুসৰি, অহা কেইমাহমানৰ ভিতৰত, অনলাইন খাদ্য বিতৰণ প্লেটফৰ্ম চুইগি (Swiggy) , জোমাটো (Zomato), ব্লিঙ্কিট (Blinkit ) আৰু বিগ বাস্কেটে (Bigbasket) আপোনাৰ দুৱাৰমুখলৈ সুৰা প্ৰদান কৰিব, যাৰ বাবে আপুনি ঘৰত বহি মিনিটত সুৰা অৰ্ডাৰ দিব পাৰিব।
কিন্তু এই সেৱা কেৱল কেইখনমান ৰাজ্যৰ বাবে। কোনবোৰ ৰাজ্যত এই সেৱা প্ৰাপ্ত কৰিব পাৰে জানি লওক
কোনবোৰ ৰাজ্যত এই সেৱা উপলব্ধ হ’ব?
চুইগি (Swiggy), জোমাটো (Zomato), ব্লিঙ্কিট (Blinkit ) আৰু বিগ বাস্কেট (Bigbasket)ৰ পৰা উপলব্ধ এই সেৱা আপুনি দিল্লী, হাৰিয়ানা, কৰ্ণাটক, পঞ্জাৱ, তামিলনাডু, কেৰালা আৰু গোৱাৰ দৰে ৰাজ্যত সুৰা অৰ্ডাৰ কৰিবলৈ সক্ষম হ’ব। প্ৰতিবেদন অনুসৰি, এই অহা কেইমাহমানৰ ভিতৰত হ’ব পাৰে। তথ্য অনুসৰি, এই সকলো ৰাজ্যই বৰ্তমান সুৰাৰ ঘৰত বিতৰণৰ অনুমতি দিবলৈ এটা পাইলট প্ৰকল্পৰ বিষয়ে বিবেচনা কৰি আছে বুলি জানিব পৰা গৈছে।
আৰম্ভণিতে, কম সুৰাৰ পানীয় যেনে বিয়েৰ, ৱাইন আৰু লিকাৰৰ ওপৰত গুৰুত্ব দিয়া হ’ব। বৰ্তমান, কেৱল উৰিষ্যা আৰু পশ্চিম বংগই ঘৰত সুৰা প্ৰদানৰ অনুমতি দিয়ে।