দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত, মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত অৱশেষত পৃথিৱীত সুনীতা উইলিয়ামছ

নিউজ ডেক্স, ১৯ মাৰ্চঃ
অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ। মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত অৱশেষত ধৰাপৃষ্ঠ উপস্থিত হ’ল সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰ। আজি পুৱতি নিশা প্ৰায় ৩:২৭ বজাত ফ্ল’ৰিডাৰ সমুদ্ৰ পৃষ্ঠতঅৱতৰণ কৰিলে ইলন মাস্কৰ SpaceXৰ Dragon।
উল্লেখ্য যে, ভাৰতীয় সময় অনুসৰি ৩.২৭ বজাত ফ্ল’ৰিডাৰ উপসাগৰীয় উপকূলৰ পৰা নিৰাপদে অৱতৰণ কৰে ইলন মাস্কৰ স্পেচএক্স ড্ৰেগন। মঙলবাৰে পুৱা ৮:১৫ বজাত বন্ধ কৰা হৈছিল SpaceX ড্ৰেগন মহাকাশযানৰ দুৱাৰ। তাৰ পিছতে আৰম্ভ হৈছিল আন্তৰ্জাতিক মহাকাশ আস্থানৰ সৈতে SpaceX ড্ৰেগনৰ আনডকিং বা বিচ্ছিন্নকৰণ প্ৰক্ৰিয়া।
সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে ২০২৪ চনৰ ৬ জুনত ৮ দিনৰ বাবে বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত উঠি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ নিজৰ অভিযান আৰম্ভ কৰিছিল।কিন্তু মহাকাশযানত হোৱা বিজুতিৰ বাবে ধৰালৈ উভতিব পৰা নাছিল দুই মহাকাশচাৰী । কেইবাবাৰো তেওঁলোকক উভতাই অনাৰ বাবে চেষ্টা কৰা হৈছিল যদিও সফল হোৱা নাছিল। অৱশেষত ইলন মাস্কৰ সহযোগত সুনীতা উইলিয়ামছ পৃথিৱীলৈ উভতি আহিল সুনীতা উইলিয়ামছ।
ড্ৰেগন মহাকাশযানখনৰ সফল অৱতৰণৰ পিছত সুনীতা উইলিয়ামছকে ধৰি সকলো মহাকাশচাৰীক এজন এজনকৈ উলিয়াই অনা হৈছিল। ড্ৰেগনৰ পৰা ওলাই অহাৰ লগে লগে সুনীতা উইলিয়ামছে কেমেৰাৰ ফালে চাই হাঁহি হাঁহি সকলোকে অভিবাদন জনাই। সুনীতাক সুস্থ দেখি সকলো বিশ্ববাসী সুখী। বিশ্বৰ কোটি কোটি জনতাই মহাকাশচাৰীসকলক জনাইছে শুভেচ্ছা।