‘ডিচেম্বৰ-জানুৱাৰী মাহত বিয়াৰ কাম বেছি থাকে বাবে ডুবাইলৈ একেলগে ফুৰিবলৈ যোৱা নাছিলোঁ’আৰু কি ক’লে চুমিৰ স্বামী তাৰ্কিকে

নিউজ ডেক্স, ১২ ছেপ্তেম্বৰঃ
অৱশেষত গ্ৰেপ্তাৰ অভিনেত্ৰী চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা ৷ ১০ দিনে স্বামীসহ আত্মগোপন কৰি আছিল চুমি বৰা৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই চুমি আৰু তার্কিকে দিছে বিশেষ ভাষ্য৷ সংবাদ মাধ্যমত তাৰ্কিক বৰাৰ ভাষ্য-‘‘আমি আত্মসমৰ্পণৰ বাবে অধিবক্তাৰে যোগাযোগ কৰিছিলোঁ। DGPৰ সৈতেও আমি যোগাযোগ কৰিছিলোঁ। প্ৰথমে ভাবিছিলো দুই-এদিন নিউজত চলি বন্ধ হৈ যাব। বিশালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই মোৰ বন্ধুসকলক ধৰা হৈছে। একেলগে কাম কৰা বন্ধু কেইজনকো জেৰা চলাইছিল আৰক্ষীয়ে। মোৰ বন্ধু কেইজন ট্রেডিঙৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয়। পুৱাৰ পৰা নিশালৈকে ঘৰৰ আগত আৰক্ষীৰ বাহন ৰৈ থাকো ৷ ১০ দিন মই মা দেউতাৰ সৈতেও কোনো যোগাযোগ কৰিব পৰা নাই।ঘৰৰ অইনসকলে কষ্ট নাপাবলৈকে ঘৰৰ পৰা ওলাই গৈছিলো ৷ ভাইটি বেংগালুৰুত চাকৰিত কৰে। ভয় খাই বেংগালুৰুৰ পৰা আহি থাকোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে।মই কাৰো পৰা উপহাৰ লোৱা নাছিলো। ফৰ্চুনাৰ ক্ৰয় কৰাৰ EMI আজিও দি আছো। বেংক একাউণ্ট চালে সকলো তথ্য পাব। বিশালৰ ঘৰৰ সৈতেও মোৰ ভাল সম্পর্ক আছে। ডুবাইলৈ মই চুমি বিশালৰ সৈতে মোৰ ব্যক্তিগত কাম থকাৰ বাবে যোৱা নাছিলো। ডিচেম্বৰ জানুৱাৰী মাহত বিবাহৰ বহু কাম থাকে। বিয়াখন এনেকৈ পাতিবলৈ আমাৰ মন আছিল। বিশালে আমাৰ বিয়াখনৰ দায়িত্ব ল’ব বিচাৰিছিল। চুমিক মই ২০১৭ চনৰ পৰাই চিনি পাওঁ। ৮বছৰ ৰিলেছনত থাকি আমি বিবাহপাশত আৱদ্ধ হৈছো।চুমিক মই কেতিয়াও সন্দেহ কৰিব নোৱাৰো, আমি এজনে আনজনক সন্মান কৰো।’’