National

‘মোৰ ভাল নিউজ আজিলৈকে ক’তো বজা নাই’ আত্মসমৰ্পণৰ পূৰ্বে উচুপি কি ক’লে চুমি বৰাই

নিউজ ডেক্স, ১২ ছেপ্তেম্বৰঃ
অৱশেষত পলাতক চুমি বৰা আৰু তাৰ্কিক বৰাক গ্ৰেপ্তাৰ। ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমর্পন কৰিলে চুমি বৰা আৰু তার্কিক বৰাই। ১০ দিনে স্বামীসহ আত্মগোপন কৰি আছিল চুমি বৰা ৷ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সন্মুখৰ পৰা STFএ নিজৰ জিম্মাত লয় চুমি আৰু তাৰ্কিকক। পুৱা ৬:৩০ বজাত STFএ নিজৰ জিম্মাত লৈছিল। চুমি-তাৰ্কিকক গ্ৰেপ্তাৰৰ কথা ‘X’ যোগে জনাই আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে। চুমি আৰু তার্কিকৰ ফটো শ্বেয়াৰ কৰি জি পি সিঙে লিখিছে, ‘The game is up for them. Compliments to the Team STF. তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF.’

বুধবাৰে আত্মসমৰ্পণ কৰিম বুলি এক ভিডিঅ’ বাৰ্তাযোগে জনাইছিল চুমি বৰাই। এতিয়া পোহৰলৈ আহিছে চুমি বৰাৰ আন এটা ভিডিঅ’। ভিডিঅ’টোত চুমিয়ে কৈছে, ‘‘কোনো নিউজ চেনেল, স্পেচিয়েলী ডিব্ৰুগড়ৰ, কোনেও মোৰ আজিলৈ বাইট লোৱা নাই। ইয়াত কোনো এখন বিহু হওক, কোনো এখন কিবা হওক, মোক কেতিয়াও কোনেও নামাতে। ভাল নিউজ মোৰ আজিলৈকে একো নবজালে। মই একদম কান্দিব বিচৰা নাছিলো দেই, এইটো একদম লাষ্ট ষ্টেজত মই… অলপ… অলপ ওলাই গৈছে। মই বহু ফাষ্ট্ৰেটেড হৈ আছো।’

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button