National

বাজেটত কৃষকৰ বাবে কেইবাটাও ভাল খবৰ

নিউজ ডেক্স, ১ ফ্ৰেব্ৰুৱাৰীঃ
সংসদত আজি কেন্দ্ৰীয় বাজেট দাখিল কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। -অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী গৰাকীয়ে। তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে কৃষকৰ বাবে ভাল খবৰ কঢ়িয়াই অনাৰ বাৰ্তা দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
২০২৫ চনৰ বাজেটত মোদী চৰকাৰে দেশৰ কোটি কোটি কৃষকক বৃহৎ সকাহ দিছে। এতিয়াৰে পৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ সীমা ৩ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ইউৰিয়া উৎপাদনত স্বাৱলম্বীতা অৰ্জন কৰিবলৈ চৰকাৰে বন্ধ হৈ থকা ৩টা ইউৰিয়া প্লাণ্ট পুনৰ মুকলি কৰিছে বুলি বিত্তমন্ত্ৰী সীতাৰমণে উল্লেখ কৰে। ইউৰিয়াৰ যোগান বৃদ্ধিৰ বাবে নামৰূপত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন ক্ষমতাৰ উদ্যোগ স্থাপন কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে। বিহাৰত গঠন কৰা হ’ব মখানা ব’ৰ্ড। বিহাৰত মুকলি হ’ব নেশ্যনেল ইনষ্টিটিউট অৱ ফুড টেকন’লজি, এণ্টাৰপ্ৰেনিউৰশ্বিপ এণ্ড মেনেজমেণ্ট।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button