Sports

ICCৰ বৰ্ষশ্রেষ্ঠ ক্রিকেটাৰ হিচাপে নিৰ্বাচিত ভাৰতীয় মহিলা ক্রিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধনা

নিউজ ডেক্স, ২৭ জানুৱাৰীঃ
ভাৰতৰ স্মৃতি মান্ধানাক আইচিচিয়ে ২০২৪ বৰ্ষৰ মহিলা এদিনীয়া ক্ৰিকেটাৰৰ বিজয়ী ঘোষণা কৰিছে। মান্ধানাই এদিনীয়া ক্ৰিকেটাৰ অফ দা ইয়েৰ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰিছে। মান্ধানাই তেওঁৰ কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে এদিনীয়া ক্ৰিকেটাৰ অফ দা ইয়েৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ সৈতে, তেওঁ এনে কৰা বিশ্বৰ দ্বিতীয় গৰাকী মহিলা ক্ৰিকেটাৰ হৈ পৰিছে। স্মৃতি মান্ধানাই প্ৰথমবাৰৰ বাবে ২০১৮ বৰ্ষৰ এদিনীয়া ক্ৰিকেটাৰ অফ দা ইয়েৰ খিতাপ অৰ্জন কৰিছিল, এতিয়া মান্ধানাক ২০২৪ চনৰ বাবে এদিনীয়া ক্ৰিকেটাৰ অফ দা ইয়েৰৰ খিতাপ প্ৰদান কৰা হৈছে। মান্ধানাৰ আগতে, কেৱল চুজি বেটছ এগৰাকী মহিলা ক্ৰিকেটাৰ আছিল যিয়ে দুবাৰকৈ আইচিচি মহিলা এদিনীয়া ক্ৰিকেটাৰ অফ দা ইয়েৰ খিতাপ জিকিছিল।


তেওঁ মহিলা দলৰ হৈ ১৩ খন এদিনীয়া খেলিছিল আৰু চাৰিটা শতক আৰু তিনিটা অৰ্ধ-শতকৰ সহায়ত ৭৪৭ ৰাণ সংগ্ৰহ কৰিছিল। মান্ধানাই ২০২৪ চনত চাৰিটা এদিনীয়া শতক অৰ্জন কৰিছিল, যি মহিলা ক্ৰিকেটত এক নতুন অভিলেখ। ৯৫ টা চাৰি আৰু ছয়টা ছয়সহ মান্ধানাই গোটেই বছৰটোত ১০০ তকৈও অধিক বাউণ্ডেৰী মাৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button