National

অস্কাৰ বিজয়ী সংগীত শিল্পী এ আৰ ৰহমান অসুস্থ

নিউজ ডেক্স, ১৬ মাৰ্চঃ

হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান৷ চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে সংগীতশিল্পী এ আৰ ৰহমানক। পুৱা ৭ বজাত হাস্পতাললৈ নিয়া হয় এ আৰ ৰহমানক৷ জানিব পৰা অনুসৰি হঠাতে বুকুৰ বিষ অনুভৱ কৰিছিল সংগীতশিল্পী এ আৰ ৰহমানে। তাৰ পিছতে ততাতৈয়াকৈ চিকিৎসায়লত ভৰ্তি কৰা হয় শিল্পীগৰাকীক। বৰ্তমান এপ’ল’ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকে নিৰীক্ষণ কৰি আছে কিংবদন্তি শিল্পীগৰাকী। খবৰ অনুসৰি শেহতীয়াকৈ বিদেশৰ পৰা উভতি আহিছিল এ আৰ ৰহমান৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button