ক’ত হেৰাল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন?কোন দিশে আগবাঢ়িছে DB Stock Broking কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া?
নিউজ ডেক্স, ৯ ছেপ্তেম্বৰঃ
কোন দিশে আগবাঢ়িছে DB Stock Broking কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া? ২০ আগষ্টৰ পৰা আজিলৈকে গুৱাহাটী আৰক্ষীয়ে বিচাৰি পোৱা নাই DB Stock Brockingৰ মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক। DB Stock Broking কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাছতে অজ্ঞাত স্থানলৈ পলায়ন কৰিছিল দীপাংকৰ বৰ্মনে। বহু বিচাৰ খোচাৰ কৰাৰ পাছতো অসম আৰক্ষীয়ে বিচাৰি পোৱা নাই মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক। ইফালে দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে গুৱাহাটীৰ পল্টন বজাৰ থানাত ২০০ৰো অধিক ভুক্তভোগী য়ে দাখিল কৰিছিল এজাহাৰ। গুৱাহাটীৰ মাজমজিয়াত দীপাংকৰৰ বাহন উদ্ধাৰৰ পাছতো ধৰা নপৰিল আজিলৈকে। ইফালে দীপাংকৰ বৰ্মনৰ ঘৰত আজিও আৰক্ষীৰ পহৰাৰ ব্যৱস্থা চলি আছে। কাইলৈ অৰ্থাৎ ১০ ছেপ্টেম্বৰত আছিল দীপাংকৰ বৰ্মনৰ বিয়া। ইফালে, দীপাংকৰ বৰ্মনৰ বাগদত্তা সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰগাৰৰ আলহী হৈ আছে। বিয়াৰ আপ্যায়নৰ বাবে দীপাংকৰ বৰ্মনে বুক কৰিছিল মহানগৰীৰ বিলাসী তাজ ভিভাণ্টা হোটেল ।