ভিত্তিবৰ্ষক লৈ ঐতিহাসিক ৰায়, ১৯৭১ চনৰ ২৫ মাৰ্চেই হৈ থাকিব অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ
নিউজ ডেক্স, ১৭ অক্টোবৰঃ
অৱশেষত আহিল সেই বহুদিনৰ পৰা অধীৰ অপেক্ষাৰে বাট চাই ৰোৱা ঐতিহাসিক ৰায়দান।নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ পুৱা ১০.৩০ বজাত গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ। নাগৰিকত্ব আইনৰ ৬(ক) দফা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে সৰ্বোচ্চ ন্যায়ালয়ে। এই চূড়ান্ত ৰায় প্ৰদান কৰে ৫ জনীয়া বিচাৰপীঠে । দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।
অসম সন্মিলিত মহাসংঘ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰিছিল আবেদন। ২০২৩ চনৰ ১২ ডিচেম্বৰত ৫ জনীয়া বিচাৰপীঠে সংৰক্ষিত কৰি ৰাখিছিল ৰায়দান। উল্লেখ্য যে অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে নিৰ্ধাৰিত ১৯৭১ চনৰ ২৪ মাৰ্চ তাৰিখৰ ভিত্তিবৰ্ষক প্ৰত্যাহ্বান জনাই দাখিল কৰা হৈছিল এই গোচৰ।