National

বলীউড অভিনেতা ছৈয়ফ আলী খানক ছুৰিকাঘাট, লীলাৱতী চিকিৎসালয় চিকিৎসাধীন অভিনেতা গৰাকী

নিউজ ডেক্স, ১৬ জানুৱাৰীঃ
বলীউজৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খানক আক্ৰমণ। ডকাইতে ভয়ংকৰ আক্ৰমণ কৰে জনপ্ৰিয় অভিনেতাগৰাকীক।মুম্বাইস্থিত বাসগৃহত নিশা আক্ৰমণ কৰে দুৰ্বৃত্বই । বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় উক্ত ঘটনাটো । কিছু পৰিমাণে অভিনেতাগৰাকী আঘাতপ্ৰাপ্ত হয়। অভিনেতাগৰাকীক বৰ্তমান লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান ছেইফ আলী খানৰ চলি আছে অস্ত্ৰোপচাৰ।
জানিব পৰা অনুসৰি ডকাইতৰ সৈতে হোৱা হতাহতি আহত হয় অভিনেতা ছেইফ আলী খান। শৰীৰৰ ছটাকৈ স্থানত আঘাত পাইছে অভিনেতাগৰাকীয়ে। ডকাইতৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
জানিব পৰা মতে, এজন চোৰে ছেইফৰ ঘৰত প্ৰৱেশ কৰে। সেই সময়তে ছেইফৰ ঘৰত কাম কৰা একাংশলোক টোপনিৰ পৰা সাৰ পাই চোৰ দেখি চিঞৰ বাখৰ আৰম্ভ কৰে। বাহিৰত হাহাকাৰ শুনি ছেইফ আলী খানৰো টোপনি ভাগে আৰু তেওঁ শোৱনি কোঠাৰ পৰা বাহিৰলৈ ওলাই আহে। ছেইফে চোৰটোক আটক কৰাৰ চেষ্ট কৰে যদিও সক্ষম নহয়। সেই সময়তে চোৰটোৱে ছেইফক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। যাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button