National

উজ্জল ৰত্নৰ বিদায়!মানৱদৰদী ৰতন টাটাৰ দেহাৱসানস, সমগ্ৰ দেশতে শোকৰ ছাঁ

নিউজ ডেক্স, ৯ অক্টোবৰঃ

পূজাৰ বতৰত দেশবাসীলৈ দুখবৰ ৷ মহাষষ্ঠীৰ দিনাই এই খবৰে জোকাৰণি তুলিলে সমগ্ৰ দেশত। উদ্যোগজগতৰ মহীৰূহ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান। ৮৬ বছৰ বয়সত মুম্বাইৰ মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৰতন টাটাই। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বহু জ্যেষ্ঠ নেতা আৰু উদ্যোগপতিসকলে ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সমগ্ৰ দেশতে ৰতন টাটাৰ জনপ্ৰিয়তা আছিল।
তেখেতৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত। মুম্বাইৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলি ১৯৬২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙসহ আৰ্কিটেকচাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৭৫ চনত হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ৰপৰা ‘এডভাঞ্চড মেনেজমেণ্ট প্ৰগ্ৰাম’ পাঠ্যক্ৰম সমাপ্ত কৰিছিল
দেশৰ নতুন প্ৰজন্মক ‘মানুহ’ হোৱাৰ প্ৰেৰণা যোগোৱা ৰতন টাটা আছিল সঁচা অৰ্থত এজন প্ৰকৃত মানুহ। ১৯৮১ চনত তেঁও টাটা উদ্যোগৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। কোটিপতি হোৱাৰ উপৰিও তেওঁক এজন দয়ালু, সহজ-সৰল আৰু সম্ভ্ৰান্ত ব্যক্তি হিচাপেও দেখা যায়। দেশৰ ধনাঢ্য উদ্যোগপতি হৈও কটাইছিল সাধাৰণ জীৱন।তেওঁৰ লগত জড়িত এনে বহু কাহিনী আছে, যাৰ পৰা বুজা যায় যে তেওঁ বহু লোকক সহায় কৰিছিল। লগতে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ৰতন টাটাৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি। দেশৰ বাবে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰে পদ্মবিভূষণ আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল। অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটাৰে সন্মানিত । অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰে সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে। প্ৰথমবাৰৰ বাবে উদ্যোগপতি ৰতন টাটাক কৰ্কট ৰোগৰ চিকিৎসাত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।

বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব ৰতন টাটাৰ অন্ত্যেষ্টিক্ৰিয়া। মহাৰাষ্ট্ৰ চৰকাৰৰ এদিনীয়া ৰাজ্যিক শোক ঘোষণা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button