দেশলৈ আছে ৰতন টাটাৰ বহু অৱদান,কেনেকৈ ৰতন টাটাই টাটা গ্ৰুপক দেশৰ সৰ্ববৃহৎ ব্ৰেণ্ড হিচাপে গঢ়ি তুলিছিল?

নিউজ ডেক্স, ১০ অক্টোবৰঃ
টাটা গ্ৰুপৰ মূল কোম্পানী টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন নাভাল টাটাই টাটা গ্ৰুপক দেশৰ সৰ্ববৃহৎ ব্ৰেণ্ড হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ব্যৱসায়িক বুদ্ধিমত্তা, দূৰদৰ্শিতা আৰু শক্তিশালী কৰ্ম সংস্কৃতিৰ বাবে তেওঁ পৰিচিত ।
টাটা ছন্স, টাটা ইণ্ডাষ্ট্ৰীজ, টাটা মটৰ্ছ, টাটা ষ্টীল আৰু টাটা কেমিকেলছৰ চেয়াৰমেন এমেৰিটাছ ৰতন টাটাই ৮৬ বছৰ বয়সত বুধবাৰে মুম্বাইৰ এখন চিকিৎসালয়ত সংকটজনক অৱস্থাত মৃত্যুক আঁকোৱালি লয় ।মুম্বাইৰ ব্ৰিচ কেণ্ডী হাস্পতালৰ আই চি ইউত শেষ নিশ্বাস ত্যাগ কৰে ৰতন টাটাই ।
মানৱ হিতৈষী ৰতন টাটাই দেশৰ বাবে বহু অৱদান আগবঢ়াইছে। তেওঁ নিজৰ লগতে আনকো আগুৱাই লৈ গৈছিল । দেশৰ উদ্যোগিক ক্ষেত্ৰত বিকাশৰ পৰা আৰম্ভ কৰি স্বাস্থ্য খণ্ডলৈ, মহীৰূহৰ আছিল যথেষ্ট অৱদান।
নিজৰ জীৱনত বিভিন্ন উত্থান – পতনৰ সন্মুখীন হৈ তেওঁৰ টাটা গ্ৰুপক আগশাৰীত প্ৰতিষ্ঠা কৰিছিল।দেশ তথা ৰাজ্যৰ বিভিন্ন সমাজ হিতৈষী কামৰ বাবে অনুদান আগবঢ়াইছিল।তেখেতৰ জীৱনৰ কেইটামান উল্লেখনীয় দিশ চমুকৈ উল্লেখ কৰা হ’ল-
1999 চনত ৰতন টাটা আৰু তেওঁৰ দলটোৱে কোম্পানীটোৰ নতুন যাত্ৰীবাহী গাড়ীৰ ব্যৱসায় আমেৰিকাৰ গাড়ী নিৰ্মাতা ফৰ্ড মটৰ্ছৰ ওচৰলৈ যোৱাৰ সময়ত কোম্পানীটোৱে ইয়াক নাকচ কৰিছিল । যাত্ৰীবাহী বাহন (পিভি) ছেগমেণ্টত ব্ৰেণ্ডটোৰ বিশেষজ্ঞতাৰ অভাৱক লৈ তেওঁলোকে ঠাট্টা কৰিছিল । পাছলৈ ফ’ৰ্ড মটৰছৰ বিপদৰ সময়ত জাগুৱাৰ-লেণ্ড ৰভাৰ (জেএলআৰ) ক্ৰয় কৰি ৰতন টাটাই সহায় কৰিছিল।
2022 চনত টাটা ছন্সৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ এটা দশক পিছত, ভাৰত চৰকাৰৰ পৰা এয়াৰ ইণ্ডিয়াক ক্ৰয় কৰি ৰতন টাটাই বিমান সংস্থাটোক টাটা পৰিয়াললৈ ঘূৰাই আনিছিল । এয়াৰ ইণ্ডিয়া অধিগ্ৰহণৰ বাবে টাটা গ্ৰুপে চৰকাৰক দিছিল ১৮,০০০ কোটি টকা ।
2000 চনত ভাৰত চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ লাভ কৰে ৰতন টাটাই । একে বছৰতে টাটা টিয়ে 271 মিলিয়ন ইউৰোত বিশ্বব্যাপী চাহ ব্ৰেণ্ড টেটলি গ্ৰুপকো ক্ৰয় কৰে । তেওঁৰ নেতৃত্বত টাটা গ্ৰুপৰ বিকাশ আৰু বিশ্বায়নৰ অভিযানে গতি লাভ কৰে ৷ নতুন ক’ৰাছ, জাগুৱাৰ লেণ্ড ৰ’ভাৰ, ব্ৰুনাৰ মণ্ড, জেনেৰেল কেমিকেল ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টছ আৰু ডায়েউকে ধৰি কেইবাটাও হাই-প্ৰফাইল উৎপাদন টাটাই অধিগ্ৰহণ কৰা দেখা যায়