National

দুৰ্ঘটনাত পতিত অভিনেত্ৰী ৰশ্মিকা মাণ্ডনা

নিউজ ডেক্স, ১০ ছেপ্তেম্বৰঃ

দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্না এক দুৰ্ঘটনাত পতিত। ৰশ্মিকাই নিজেই এই তথ্য অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে সকলোৱে স্তম্ভিত হৈ পৰে। ক’ত কিদৰে দুৰ্ঘটনাত পতিত হয় অভিনেত্ৰীগৰাকী সেইবিষয়ে জানিবৰ বাবে উৎসুক হৈ পৰে সকলোৱে।

আচলতে ৰশ্মিকা মণ্ডন্নাই নিজেই নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। এই পোষ্টটো দেখি অনুৰাগীসকল স্তম্ভিত হৈ পৰে। অভিনেত্ৰীগৰাকীক লৈ সকলোৱে চিন্তিত হ’বলৈ ধৰিলে। এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে নিজৰ এখন ছবি শ্বেয়াৰ কৰিছে। য’ত কেপচনত লিখা আছে, কেনে আছা?
ৰশ্মিকাই আৰু লিখিছে যে যোৱা মাহত মই ছ’চিয়েল মিডিয়াত বৰ বেছি সক্ৰিয় নাছিলোঁ। ইয়াৰ কাৰণ হ’ল মোৰ এটা সৰু দুৰ্ঘটনা। মই ভালেই আছো আৰু ঘৰতে জিৰণি লৈছো। ডাক্তৰে মোক ঘৰতে জিৰণি ল’বলৈ কৈছিল। মই এতিয়া ভাল হৈছো আৰু সুস্থ হ’বলৈ মোৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিছো।

সদায় নিজৰ যত্ন লোৱাক অগ্ৰাধিকাৰ দিয়ক। জীৱনটো অতি ভংগুৰ আৰু চুটি। কাইলৈহ’ব নে নাই আমি নাজানো, গতিকে আপোনাৰ সুখৰ বাবে প্ৰতিটো দিন বাছি লওক , বুলি লিখি পোষ্টো শ্বেয়াৰ কৰে।

এই পোষ্ট শ্বেয়াৰ কৰাৰ পাছতে বহু অনুৰাগীয়ে শংকা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকী সন্দৰ্ভত। বহুতেই আশু আৰোগ্য কামনা কৰিছে। অৱশ্যে বৰ্তমানে পূৰ্বতকৈ বহু সুস্থ বুলি ৰশ্মিকাই নিজেই সদৰি কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button