Sports

দীৰ্ঘ সময়ৰ অন্তত বিৰাট কোহলীয়ে খেলিছে ৰঞ্জি ট্ৰফী

নিউজ ডেক্স, ৩০ জানুৱাৰীঃ

ভাৰতৰ জনপ্ৰিয় তাৰকা বেটছমেন বিৰাট কোহলীয়ে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জি ট্ৰফী 2024-25 ৰ এলিট গ্ৰুপৰ ডি পৰ্যায়ৰ এখন খেলত ৰে’লৱেৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিছে ৷12 বছৰতকৈও অধিক সময়ৰ মূৰকত কোহলীয়ে ৰঞ্জি মেচ খেলা দেখি উৎফুল্লিত বহু অনুৰাগী।ক্ৰিকেটাৰগৰাকীৰ খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামলৈ আহে বহু লোক।

বৃহস্পতিবাৰে প্ৰথম দিনাৰ খেলৰ পুৱাৰ ছেচনৰ সময়তে এজন অনুৰাগীয়ে নিৰাপত্তা বেষ্টনী ভাঙি খেলপথাৰৰ মাজভাগত প্ৰৱেশ কৰা খবৰ আহি পৰিছে ৷ অনুৰাগীজনে বিৰাট কোহলীৰ দুভৰি কৰে স্পৰ্শ।

এই ঘটনাৰ পিছতে অনুৰাগীজনক নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলে আটক কৰে ৷ ভাৰতীয় ক্ৰিকেট জগতত কোহলীৰ সৈতে এনেধৰণৰ ঘটনা প্ৰায়েই ঘটে। সেয়ে অনুৰাগীজনক একো নকৰাৰ আহ্বান কোহলীৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button