ক্ৰিকেট অনুৰাগীৰ বাবে বেয়া খবৰ, অৱসৰ ঘোষণা কৰিলে এই গৰাকী ক্ৰিকেটাৰে
নিউজ ডেক্স, ১৮ ডিচেম্বৰঃ
ক্ৰিকেট অনুৰাগীৰ বাবে বেয়া খবৰ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ৰবিচন্দ্ৰন অশ্বিনে৷ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্য গাব্বাত অনুষ্ঠিত হোৱা টেষ্ট মেচখনৰ পিছতে অশ্বিনে এই কথা ঘোষণা কৰে। বলিঙৰ সমান্তৰালকৈ বেটিঙতো উৎকৃষ্টতা দেখুৱাইছে তেওঁ। টেষ্টৰ লগতে এদিনীয়া ক্ৰিকেটতো অশ্বিনে উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাইছে।
অৱসৰ সন্দৰ্ভত সংবাদমেলত অশ্বিনে কয় যে, এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইটো তেওঁৰ শেষ দিন। সংবাদমেলৰ সময়ত অশ্বিনক দেখা গৈছিল আৱেগিক। অশ্বিনে ভাৰতীয় ক্ৰিকেটলৈ যি অবদান আগবঢ়ালে সেয়া ইতিহাসে মনত ৰাখিব। অনিল কুম্বেলৰ পিছতে টেষ্ট ক্ৰিকেট দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ অশ্বিন।অশ্বিনৰ সৈতে সংবাদমেলত অধিনায়ক ৰোহিত শৰ্মাও উপস্থিত থাকে।
ইতিমধ্যে ভাৰতৰ হৈ অশ্বিনে ১০৬ খন টেষ্ট মেচ খেলিছে। অশ্বিনে টেষ্টত ৫৩৭টা উইকেট দখল কৰিছে। এদিনীয়া আৰু টি-২০ত অশ্বিনে শক্তিশালী প্ৰদৰ্শন দেখুৱাইছে৷তেওঁৰ বেটৰ পৰা আহিছে ৩৪৭৪ ৰাণ। ইয়াত আছে ৬ টা শতক আৰু ১৪ টা অৰ্ধ শতক।বিশ্ব টেষ্ট চেম্পিয়নশ্বিপতো তেওঁৰ নামতে আছে সৰ্বাধিক উইকেট। এদিনীয়া ক্ৰিকেটত তেওঁ মুঠ ১১৬ খন মেচত ৭০৭ ৰাণৰ কৰাৰ লগতে ১৫৬ টা উইকেট লাভ কৰিছে। ৬৫ খন টি-২০ ত অশ্বিনৰ নামত আছে ৭২ টা উইকেট। কিংবদন্তি কেৰিয়াৰৰ বাবে অশ্বিনক অভিনন্দন জ্ঞাপন কৰে বিচিচিআইয়ে ।