National

আল্লু অৰ্জুনৰ মহানুভৱতা! পুষ্পাৰ প্ৰিমিয়াৰ শ্ব’ত সংঘটিত হোৱা অঘটনৰ পিছতেই ভুক্তভোগী পৰিয়ালক আৰ্থিক সহায় অভিনেতা গৰাকীৰ

নিউজ ডেক্স, ৭ ডিচেম্বৰঃ
সমগ্ৰ দেশতে এতিয়া পুষ্পা ২ ছবিয়ে চৰ্চা বন্যা তুলিছে । লাভ কৰিছে অপাৰ জনপ্ৰিয়তা। দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্ধান্না অভিনীত এই ছবিখনক লৈ মুক্তিৰ পূৰ্বৰে পৰা দেখিবলৈ পোৱা গৈছিল অপাৰ উৎকণ্ঠা। যোৱা ৫ ডিচেম্বৰত ছবিখনে মুক্তি লাভ কৰাৰ পিছতে বক্স অফিচত খলকনি তুলিছে। মুক্তিৰ প্ৰথম দিনটোতে প্ৰায় ২৯৪কোটি টকা উপাৰ্জন কৰে। যোৱা দুটা দিনত ছবিখনৰ সমগ্ৰ বিশ্বৰ বক্স অফিচ কালেকশ্যনে পাৰ কৰিছে ৪০০কোটিৰ দেওনা।
পুষ্পা ২ৰ বাবে সৃষ্টি হোৱা অপাৰ উন্মাদনাৰ পৰিপ্ৰেক্ষিতত যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ এক ছবিগৃ্হৰ সমুখত বিশাল জনসমাগম হৈছিল। এনে বিশাল জনসমাগমত পদপিষ্ট হৈ মৃত্যু ঘটিছিল এগৰাকী মহিলাৰ। এই ঘটনাত লগতে তেওঁৰ ১৩ বছৰীয়া পুত্ৰ সন্তানো আঘাতপ্ৰাপ্ত হয়, এতিয়া চিকিৎসাধীন হৈ আছে। এই শোকাৱহ ঘটনা সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তা যোগে শোক প্ৰকাশ কৰিছে আল্লু অৰ্জুনে। মহিলাগৰাকীৰ মৃত্যুত অভিনেতা গৰাকী গভীৰভাৱে দুখিত।অভিনেতা গৰাকীয়ে মহিলাগৰাকীৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে ২৫লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে। লগতে চিকিতসাধীন হৈ থকা দুগৰাকীকো চিকিৎসাৰ ব্যয় বহন কৰিব বুলি ঘোষণা কৰে আল্লু অৰ্জুনে।লগতে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালক তেওঁলোকৰ দলৰ পৰা যিকোনো সহায় আগবঢ়াবলৈ সাজু বুলিও জনপ্ৰিয় অভিনেতাগৰাকীয়ে আশ্বাস দিয়ে। এই কঠিন সময়ত পৰিয়ালটো অকলশৰীয়া নহয় বুলি আশ্বস্ত কৰি আল্লু অৰ্জুনে লগতে পৰিয়ালটোক সাক্ষাৎ কৰাৰো প্ৰতিশ্ৰুতি দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button