ভয়ংকৰ দুৰ্ঘটনাত পতিত হেলিকপ্তাৰ, দুই পাইলট, অভিযন্তাৰ মৃত্যু…

নিউজ ডেক্স, ২ অক্টোবৰঃ
মহাৰাষ্ট্ৰৰ পুনেত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হয়। ২ জন হেলিকপ্টাৰখনৰ পাইলট আৰু এগৰাকী অভিযন্তা। পুৱা প্ৰায় ৬.৪৫ বজাত বাৱধন অঞ্চলত দুৰ্ঘটনাত পতিত হয় এই হেলিকপ্তাৰখন। পাইলট দুজন হৈছে পৰমজিত সিং আৰু জি কে পিল্লাই আৰু অভিযন্তা জন প্ৰিতম ভৰদ্বাজ। মুম্বাইলৈ যাত্ৰা কৰা হেলিকপ্টাৰখনত আছিল তিনিজন লোক।
প্ৰাথমিক তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন পুনেৰ হেৰিটেজ এভিয়েচনৰ অধীনৰ আছিল। দুৰ্ঘটনাৰ কাৰণ এতিয়াৈল পোহৰলৈ অহা নাই। ডাঠ কুঁৱলিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়।
জানিব পৰা মতে পুনেৰ বাৱধানত সংঘটিত হোৱা এই হেলিকপ্টাৰ দুৰ্ঘটনাস্থলীত দুখনলৈ এম্বুলেঞ্চ আৰু চাৰিখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈছে। অৱশ্যে ইতিমধ্যে হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে।