চিলনী চোৰলৈ লক্ষ্য কৰি মহানগৰী আৰক্ষীৰ গুলীচালনা

নিউজ ডেক্স, ২৯ জানুৱাৰীঃ
মহানগৰীত পুনৰ এনকাউণ্টাৰ। চিলনী চোৰলৈ লক্ষ্য কৰি মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ গুলীচালনা। হাতীগাঁও আৰক্ষীৰ গুলীত ধৰাশায়ী কুখ্যাত চিলনী চোৰ। উল্লেখ্য যে, এটিএমৰ পৰা ধন উলিয়াই বাহিৰলৈ অহাৰ পাছতে বনফুল পথৰ ৰিজু শৰ্মা নামৰ মহিলাগৰাকীক এটা চিলনী চোৰে আক্ৰমণ কৰি তেওঁৰ হাতৰ বেগ লৈ পলায়ন কৰিছিল। এই ঘটনাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈছিল। তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। ডকাইতৰ আক্ৰমণত মহিলাগৰাকীৰ দুডাল হাড় ভাগিছিল।
এই সম্পৰ্কে হাতীগাওঁ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পাছতে আৰক্ষীয়ে চিলনী চোৰটোক বিচাৰি আৰম্ভ কৰিছিল অভিযান। অভিযান চলাই চিলনী চোৰটোক আটক কৰে। আৰক্ষীয়ে চিলনী চোৰটোক সতীৰ্থৰ সন্ধানত আৰু ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ চেষ্টা কৰে। ফলত আৰক্ষীয়ে ডকাইতটোক লক্ষ্য কৰি গুলী চালনা কৰে। আহত ডকাইতটোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে।গুলীবিদ্ধ ডকাইতটোৰ নাম জুৱেল বুলি জানিব পৰা গৈছে।