পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ আছে পূৰ্ণ সম্ভাৱনা!
নিউজ ডেক্স, ৮ অক্টোবৰঃ
বিশ্বৰ তৃতীয় বৃহত্তম তেল গ্ৰাহক আৰু আমদানিকাৰক দেশ হৈছে ভাৰত । ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ মাজতে ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ বাবে চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘাত আৰম্ভ হোৱাৰ পৰাই খাৰুৱা তেলৰ মূল্য ১০ শতাংশ বৃদ্ধি হোৱা দেখা গৈছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত উপসাগৰীয় দেশসমূহৰ খাৰুৱা তেলে প্ৰতি বেৰেলত ৭৮ ডলাৰ অতিক্ৰম কৰিছে, যিটো প্ৰথমে যোৱা মাহৰ শেষ সপ্তাহত প্ৰতি বেৰেলত ৭০ ডলাৰৰ তললৈ গৈছিল। এই গোটেই বিষয়টোত দেশৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনায় সংবাদ মাধ্যমক।
পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে কয় যে যদি পশ্চিম এছিয়াত যুদ্ধৰ উত্তেজনা বৃদ্ধি পায় তেন্তে শক্তিৰ উপলভ্যতাত প্ৰভাৱ পৰিব পাৰে। কিন্তু যোগানৰ ক্ষেত্ৰত এতিয়াও কোনো প্ৰভাৱ পৰা নাই আৰু বিশ্বৰ তৃতীয় বৃহত্তম তেল গ্ৰাহক আৰু আমদানিকাৰক দেশ ভাৰতে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ আত্মবিশ্বাসী।
তেলৰ দাম কমাব পৰা সম্ভাৱনা সন্দৰ্ভত সোধাত পুৰীয়ে কয় যে পেট্ৰল আৰু ডিজেলৰ মূল্য বজাৰভিত্তিক আৰু পেট্ৰলিয়াম কোম্পানীয়ে মূল্য নিৰ্ধাৰণৰ সিদ্ধান্ত লয়। তেওঁ কয় যে, “পৰিস্থিতি যাতে বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আমি পৰিস্থিতি সযতনে নিৰীক্ষণ কৰি আছো। কিছুদিনৰ আগলৈকে পেট্ৰল আৰু ডিজেলৰ দাম হ্ৰাস পোৱাৰ আশা আছিল। কিন্তু শেহতীয়াকৈ মূল্যবৃদ্ধিৰ বাবে ইয়াক ৰোধ কৰা হৈছে। পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত দুই-তিনি টকা হ্ৰাস কৰাৰ সম্ভাৱনা আছে।”