National

শোৱাপাটিতে উদ্ধাৰ বৃদ্ধাৰ কংকা…,কংকা..ৰ সৈতে ৩ মাহ কটালে পুত্ৰই

নিউজ ডেক্স, ২১ অক্টোবৰঃ
গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। ৰবিবাৰে সন্ধিয়া গুৱাহাটীৰ জ্যোতিকুছিৰ এটা বাসগৃহত ভিতৰত উদ্ধাৰ হৈছিল এগৰাকী বৃদ্ধাৰ কংকাল। উদ্ধাৰ হৈছিল পূৰ্ণিমা দে’ নামৰ বৃদ্ধাগৰাকীৰ কংকাল। ঘৰটোত মানসিকভাৱে সামান্য পৰিমাণে অসুস্থ পুত্ৰৰ সৈতে বাস কৰিছিল পুৰ্ণিমা দে’ নামৰ বৃদ্ধা মহিলা গৰাকী । ঘৰটোৰ চৌহদ ভৰি পৰিছিল হাবি-জংঘলেৰে। পুত্ৰৰ আক্ৰমণাত্মক ব্যৱহাৰৰ বাবে ওচৰ-চুবুৰীয়াসকলেও ঘৰখনলৈ খা-খবৰ ল’বলৈ যাবলৈ ইতস্তঃতবোধ কৰিছিল।
দুই-এজনে পদুলিলৈ ওলাই আহিলে ল’ৰাজনক মাজে-সময়ে মাতৃৰ খবৰ সুধিলেও ভালেই আছে বুলি কয়। কিন্তু এমাহ-দুমাহ নহয়, তিনিমাহ ধৰি মহিলাগৰাকীক বাহিৰলৈ ওলোৱা নেদেখি তথা চৌহদত জংঘলৰ পৰিমাণ বাঢ়ি অহাত এজন সচেতন লোকে লক্ষ্মী পূজাৰ পিছদিনা বাটত ৰৈ থকা ল’ৰাজনক চৌহদত বাঢ়ি অহা জংঘলখিনি কিয় ছাফ-চিকুণ কৰা নাই বুলি প্ৰশ্ন কৰাত ল’ৰাজনে অকলে কেনেকৈ ছাফা কৰিম বুলি উত্তৰ দিয়ে। তেতিয়া লোকজনে মাক থাকোতে কেনেকৈ অকলশৰীয়া হ’ল বুলি কয়। লোকজনৰ কথাত ল’ৰাজনে মাক বহুদিন আগতেই দেউতাকৰ ওচৰলৈ গুচি গ’ল বুলি মন্তব্য কৰে।
কংকালটো প্ৰত্যক্ষ কৰাৰ পিছত বৃদ্ধাগৰাকীৰ ৩ মাহ পূৰ্বেই মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। অতি ৰহস্যজনকভাৱে মাতৃৰ মৃত্যু হোৱাৰ কথা কাকো জনোৱা নাছিল পুত্ৰ জয়দ্বীপ দে’ই। ঘৰৰ ভিতৰৰ এখন চোফাত উদ্ধাৰ হোৱা মৃতদেহ কাষত আছিল এখন শিৱৰ ফটো। কাষতে আছিল কিছু পূজাৰ সামগ্ৰী। স্থানীয় ৰাইজে জনোৱা মতে প্ৰায়েই নিশা হ’লে হাবিৰে আৱৰি ধৰা ঘৰটোৰ পৰা ওলাই আহি গেটৰ সন্মুখত পূজা কৰিছিল ৪০ বছৰীয়া পুত্ৰ জয়দীপ দে’ই। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। সোমবাৰে পুৱাই মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হ’ল কংকাল। আৰক্ষী-দণ্ডাধীশৰ উপস্থিতিত কংকালটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ইফালে নিশাই গড়চুক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে বৃদ্ধাৰ পুত্ৰ জয়দীপ দে’ক। মৰণোত্তৰ পৰীক্ষাৰ পিছত পোহৰলৈ আহিব বহু ৰহস্য। প্ৰকৃততে ঘটনাটো কেনেকৈ সংঘটিত হৈছিল, এয়া স্বাভাৱিক নে কি সেই সকলো অধিক তদন্ততহে ওলাই পৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button