National

‘চাহৰ সোৱাদ এজন চাহৱালাৰ বাহিৰে কোনো জানিব’ কি কি ক’লে প্রধানমন্ত্রী মোদীয়ে?

নিউজ ডেক্স, ২৫ ফেব্ৰুৱাৰীঃ
চাইৱালাৰ পৰিচয় হেৰুৱাব নোখোজা প্ৰধানমন্ত্ৰীজনৰ মুখত আকৌ এবাৰ শুনা গ’ল চাহৰ কথা। সোমবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখ গঢ়িলে ঝুমুৰ নৃত্যই। এই ঐতিহাসিক ক্ষণ ৰচনা কৰাৰ সময়ত সৰুসজাই ষ্টেডিয়ামত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰদূত, ৰাজ্য চৰকাৰৰ নেতা মন্ত্ৰীৰ লগতে সাধাৰণত জনতা। ৯ হাজাৰ নাচনীয়ে প্ৰদৰ্শন কৰা এই লোকনৃত্য দেখি অভিভূত হৈ পৰে প্রধানমন্ত্রী মোদী। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আদিবাসী সম্প্ৰদায়ৰ এই লোকনৃত্যক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাক তেওঁ অভিবাদনো জনায়। এই অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী গৰাকী আৱেগিক হৈ পৰে। কাৰণ চাহৰ সৈতে তেওঁৰো আছে খুবেই পুৰণি এক সম্পর্ক। সেয়ে অনুষ্ঠানত চাহ বিক্ৰি কৰাৰ কথা নিজমুখেৰেই কয় প্রধানমন্ত্রীয়ে। মোদীয়ে কয় যে, আজি অসমত এক অদ্ভুত পৰিৱেশৰ সৃষ্টি হৈছে। উৎসাহ, উল্লাস, উদ্দীপনাৰে সম্পূৰ্ণ ষ্টেডিয়াম মুখৰিত হৈ আছে। এই প্ৰস্তুতিত চাহ বাগানৰ সুগন্ধি আৰু সুন্দৰতাও মিহলি হৈ আছে। চাহৰ গোন্ধ আৰু চাহৰ ৰঙৰ বিষয়ে এজন চাহৱালাৰ বাহিৰে কোনে জানে বুলি কয় মোদীয়ে। লগতে কয় যে, চাহ বাগান আৰু ইয়াৰ সংস্কৃতিৰ লগত আপোনালোকৰ যেনেকৈ সম্পৰ্ক আছে, তেনেকৈ মোৰো এক বিশেষ সম্পৰ্ক আছে। যেতিয়া ইমান সংখ্যক শিল্পীয়ে ঝুমুৰ পৰিৱেশন কৰিব তেতিয়া ই নিজৰ মাজতে এক ৰেকৰ্ড হৈ পৰিব।মোদীয়ে কয়, ইয়াৰ পূৰ্বে ২০২৩ চনত যেতিয়া মই অসমলৈ আহিছিলো তেতিয়া ১১,০০০ তকৈ অধিক শিল্পীয়ে একেলগে বিহু নৃত্য পৰিৱেশন কৰি অভিলেখ গঢ়িছিল। সেই দৃশ্য মই কেতিয়াও পাহৰিব নোৱাৰো। আজি পুনৰ তেনে এক দৃশ্যৰ মই অপেক্ষা কৰি আছো। আধিবাসী ভাষাত প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক।

আদিবাসীসকলৰ উন্নয়নৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে, দেশত আদিবাসী নায়ক নায়িকাসকলৰ স্মৃতি সুৰক্ষিত কৰি ৰাখিবলৈ মিউজিয়াত স্থাপন কৰা হ’ব। ইয়াৰোপৰি অসমত চাহ বাগিচাৰ লোকৰ ভাল স্বাস্থ্যৰ বাবে ৩৫০ তকৈ অধিক আয়ুস্মান আৰোগ্যৰ নিৰ্মাণ চলি আছে। বিদ্যালয় নিৰ্মাণ কৰি থকা হৈছে।চাহ বাহিচাৰ যুৱক-যুৱতীসকলৰ বাবে ৩০ শতাংশ আসন সংৰক্ষণ ৰখাৰ কথা উল্লেখ কৰি কয় যে, চাহ ব্যৱসায়ৰ উত্তৰন তথা বিকাশ আহিলগীয়া সময়ত অসমৰ বিকাশত এক নতুন গতি প্ৰদান কৰিব। 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button