National

‘প্ৰতি মাহৰ ১১ তাৰিখে সোমাব নিযুত মইনা আঁচনিৰ ধন’ ‘নিযুত মইনা আঁচনি’ৰ শুভাৰম্ভণি কৰি ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেক্স, ৬ অক্টোবৰঃ
আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অভিলাষী ‘নিযুত মইনা’ আঁচনি । অনুষ্ঠানৰ শুভাৰম্ভ কৰি ‘নিযুত মইনা’ আঁচনিখন মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । প্ৰথম অনুষ্ঠানত ৰাজ্যৰ মুঠ ১,৫৯,০৯৩ গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান । আঁচনিখন মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰে ভাষণ। ভাষণ প্ৰসংগত আঁচনিখনৰ ধনৰাশি লাভ কৰাৰ পদ্ধতি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণত কয় যে, “স্নাতকোত্তৰত নামভৰ্তি কৰা ৩০ শতাংশ ছাত্ৰীয়ে শিক্ষা সম্পূৰ্ণ নকৰে। বহু ছোৱালীয়ে বিবাহৰ বাবে আধাতে শিক্ষা সামৰে। সেয়ে ডিগ্ৰী পাছ নকৰা পৰ্যন্ত বিবাহত নবহাৰ বাবে এই আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। দেশৰ ভিতৰত কেৱল অসমতহে ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ সুবিধা আছে। এতিয়া শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ সংখ্যা বাঢ়িছে।”
“অহা ১১ নৱেম্বৰৰ পুৱা ১১ বজাত একাউণ্টত সোমাব নিযুত মইনা আঁচনিৰ ধন। প্ৰতি মাহৰ ১১ তাৰিখে সোমাব নিযুত মইনা আঁচনিৰ ধন। মহাবিদ্যালয়ত কোনো অভিযোগ নথকা ছাত্ৰীয়েহে লাভ কৰিব এই ধন। প্ৰথম ষান্মাষিকত উত্তীৰ্ণ হৈ দ্বিতীয় ষান্মাষিকত নামভৰ্তি নকৰিলে সেই ছাত্ৰীয়ে ধন নাপাব। এবছৰত ১০ মাহ পাব এই আঁচনিৰ ধন। কিন্তু ডিগ্ৰী পঢ়ি থাকোতে বিয়া হ’লে নাপাব নিযুত মইনা আঁচনিৰ ধন।”
মুখ্যমন্ত্ৰীয়ে লগতে কয়, “এইবাৰৰ বাজেটত ল’ৰাবোৰৰ বাবেও আনিম এখন ভাল আঁচনি। ‘কাইলৈ প্ৰতিগৰাকী ছাত্ৰীয়ে নিজৰ স্কুল-কলেজত লাভ কৰিব এই বেংক ড্ৰাফট। একেদৰে, অসমৰ বাকী স্থানৰ অনুষ্ঠানসমূহত আজিয়েই প্ৰদান কৰা হ’ব চেক।’

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button