Health

দেশত পুনৰ নতুন ভাইৰাচ! কি হয় GBS ভাইৰাছ? ইয়াৰ লক্ষণ সমূহ কি কি?

নিউজ ডেক্স, ২৭ জানুৱাৰীঃ
নতুন ভাইৰাছ গুইলেন বেৰী চিন্দ্ৰমৰ বাবে চিন্তিত দেশবাসী।এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে মানুহৰ৷ ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈছে কেইবাজনো লোক৷ (Guillain-Barre Syndrome)হঠাৎ দুৰ্বল হৈ পৰে GBSত আক্ৰান্ত ৰোগী৷ মাংসপেশী অসাৰ আৰু দুৰ্বল হৈ পৰাৰ লগতে দুভৰিৰ সঞ্চালন, খাদ্যগ্ৰহণ আৰু শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰতো সৃষ্টি হয় সমস্যাৰ৷
গুইলেইন-বাৰে চিনড্ৰম হৈছে এক বিৰল স্নায়ুজনিত ৰোগ যিয়ে কেইদিনমানৰ ভিতৰতে শৰীৰক আঘাত কৰি পেলাব পাৰে। স্নায়ু দুৰ্বল হ’বলৈ ধৰে, পেশীবোৰ অজ্ঞান হৈ পৰে। ৰোগীৰ প্ৰায়ে খোজ কঢ়া বা কথা কোৱাৰ ক্ষমতা নাথাকে।গুইলেইন-বাৰে চিণ্ড্ৰম ক্ৰমান্বয়ে চিন্তাৰ কাৰণ হৈ পৰিছে।
এই ৰোগৰ বাবে মহাৰাষ্ট্ৰত এজন লোকৰ মৃত্যু হৈছে। পুনেত আক্ৰান্তৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি পাইছে, ভেণ্টিলেটৰৰ সহায়ত ৰাখিব লগা হৈছে ৰোগীক। মহাৰাষ্ট্ৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি এই ৰোগ এটা ভাইৰাছৰ দ্বাৰা হয়।এই ৰোগ কেইবাবিধো ভাইৰাছৰ সংক্ৰমণৰ ফলত হ’ব পাৰে, যেনে কম্পাইল’বেক্টেৰ আৰু চাইট’মেগাল’ভাইৰাছ। কেতিয়াবা কোনো ঔষধ বা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো এই ৰোগ হ’ব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button