Education

NEET ত স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিলে মৈৰাবাৰীলৈ গেলামাল দোকানীৰ পুত্ৰই

নিউজ ডেক্স, ৫ জুনঃ
সদ্যঘোষিত সৰ্ব্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফলত উজলি উঠিছে মৈৰাবাৰীৰ ৰৌচন আহমেদ৷
গেলামাল দোকান দি কোনোমতে পৰিয়ালৰ পোহপাল দিয়া আব্দুল মালেকৰ সন্তান ৰৌচন আহমেদে সুনাম কঢ়িয়াই আনিলে মৈৰাবাৰীলৈ।
সৰ্বভাৰতীয় NEET পৰীক্ষাত ৬৪৪ নম্বৰ লাভ কৰিলে ৰৌচন আহমেদে।
আৰ্থিক ভাৱে দুৰ্বল পিতৃয়ে কচিং কৰিবলৈও দিব পৰা নাছিল মাচুল যদিও ৰৌচন আহমেদে নিজৰ চেষ্টাৰেই কোনো ধৰণৰ কচিং নকৰাকৈয়ে NEET’ত স্থান লাভ কৰি সকলোকে দেখুৱাই দিলে যে চেষ্টাৰ অসাধ্য একো নাই।
মৈৰাবাৰীলৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ জনক আজি স্বেচ্ছাসেৱী সংস্থা VOICE OF NEEDY আৰু মৈৰাবাৰী প্ৰেছ ক্লাবৰ সদস্য সকলৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ উপৰিও আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে ছাত্ৰ জনৰ ঘৰত এটি গছপুলিও ৰোপণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button