নৱৰাত্ৰিৰ আৰম্ভণিত ভুলটো নকৰিব এই কা ঘৰৰ পৰা আঁতৰাই ৰাখক এই অপ্ৰয়োজনীয় সামগ্ৰী
নিউজ ডেক্স ,২৬ ছেপ্তেম্বৰঃ আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় দেৱীপক্ষ বা শাৰদীয় নৱৰাত্রী। এই বছৰ ৩ অক্টোবৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দেৱীপক্ষা তাৰপাছতেই ৯ অক্টোবৰ মহাষষ্ঠীত দেৱী বোধনৰ মাজেৰে আৰম্ভ হৈছে দুর্গা পূজা ২০২৪।
৯দিন ধৰি মা দুৰ্গাৰ ৯ ৰূপৰ কৰা হ’ব আৰাধনা । এই সময়তেই মর্ত্যলৈ আগমন ঘটে মা দুৰ্গাৰ।দেৱীক সুখী কৰিবলৈ মনত ভক্তি ৰাখি পূজা কৰাৰ ওপৰিও অইন কেইবাটাও নিয়ম মানি চলা খুবেই জৰুৰী। দুর্গা পূজা আৰম্ভণিৰ পূৰ্বেই ঘৰত থকা তিনিটা বস্তু আঁতৰাই দিয়াৰ ইংগিত দিছে বাস্তু বিশেষজ্ঞই।
এই সামগ্ৰীসমূহ ঘৰত থাকিলে নিগেটিভ এনার্জি তৈয়াৰ কৰে। এই অশুভ শক্তি আপোনাৰ ঘৰত পুঞ্জীভূত হৈ থাকিলে ৰুষ্ট হয় দেৱী দুর্গা আৰু দেৱীৰ ৰোষত পৰিব পাৰে আপুনি।আপোনাৰ জীৱনত বিশেষকৈ বাস্তু অনুসৰি এই সকলো সামগ্রীয়ে সংসাৰলৈ দাৰিদ্ৰতা কঢ়িয়াই আনো এই সামগ্ৰীসমূহ ঘৰৰ পৰা আঁতৰাই দিয়াটোৱেই শুভ।
আপোনাৰ ঘৰত কোনো ভঙা মূর্তি নাৰাখিব।ধর্মীয় বিশ্বাস অনুসৰি কোনো দেৱতাৰ ভঙা মূৰ্তি ঘৰত ৰখাটো অশুভ। সেয়ে কোনো মূর্তি ভাঙি গ’লে ল’গে লগে ঘৰৰ পৰা আঁতৰাই দিয়ক।
কোনো পুৰণি চটি-জোতা, সামগ্ৰী যিঢ়আপুনি পৰিধান নকৰে তেনে জোতা, পৰিধান নকৰা কাপোৰ আদি ঘৰত নাৰাখিবা ইয়াৰ পৰা নিগেটিভ এনার্জিৰ সৃষ্টি হয়া এনে নিগেটিভ এনার্জিয়ে আমাৰ জীৱনলৈ দুর্ভাগ্য মাতি আনে।
নৱৰাত্ৰি পালন কৰাৰ সময়ত ঘৰত কোনো আমিষ আহাৰ খাব নালাগে। কেৱল মাছ মাংসই আমিষ নহয় পিয়াজ, নহৰুও আমিষতেই পৰে। সেয়ে পিঁয়াজ, নহৰুও এই সময়ত ঘৰত নৰখাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই। এই সময়ত ঘৰত পিঁয়াজ নোখোৱাটোও ভাল। এই সময়ত সম্পূর্ণ সাত্ত্বিক আহাৰ সেৱন কৰক।