Cultural

আজিৰে পৰা আৰম্ভ নৱৰাত্ৰি, নৱৰাত্ৰিৰ সময়ত কি ৰঙৰ কাপোৰ পিন্ধিলে শুভ হ’ব? জানি লওক

নিউজ ডেক্স, ৩ অক্টোবৰঃ

ৰাজ্যজুৰি শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক উৎসাহ। সকলোৰে দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি। বিশেষকৈ মহিলা সকলে কি পিন্ধিব , কেনেদৰে নিজক সজাই তুলিব ইয়াক লৈ বিভিন্ন ধৰণে আসোঁৱাহ সৃষ্টি হয়।

নৱৰাত্ৰিৰ সময়ত দেৱীৰ ন টা ৰূপৰ পূজা কৰা হয়। সেই অনুসৰি বহুতে পূজাৰ সময়ত দেৱীৰ পচন্দৰ ৰঙৰ সাজপাৰ পৰিধান কৰে। সেই ৰঙৰ কাপোৰ পিন্ধিলে ভাল হয় বুলি জনবিশ্বাস। তলত মা দুৰ্গাৰ ন’টা ৰূপৰ কিছু আভাস দিয়া হ’ল

মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা। শৈলপুত্ৰী পূজাৰ শুভ ৰং কমলা।

মা দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয়। ব্ৰহ্মচাৰিণী পূজাৰ শুভ ৰং বগা।

মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা এখেতৰে বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়। এখেতৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। চন্দ্ৰঘণ্টা পূজাৰ শুভ ৰং ৰঙা।

মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কূষ্মাণ্ডা। নিজৰ মৃদু-মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে।কূষ্মাণ্ডা পূজাৰ শুভ ৰং গাঢ় নীলা।

দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত। প্ৰসিদ্ধ দেৱাসুৰ সংগ্ৰামত এখেত দেৱ-সেনাপতি হৈছিল। পুৰাণবোৰত ‘কুমাৰ’ আৰু ‘শক্তিধৰ’ আখ্যা দি এখেতৰ মহিমা বৰ্ণোৱা হৈছে।স্কন্দমাতা পূজাৰ শুভ ৰং হালধীয়া।

মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল “কাত্যায়নী”। দুৰ্গাপূজাৰ ষষ্ঠ দিনাখন এখেতৰ স্বৰূপৰ উপাসনা কৰা হয়। কাত্যায়নী পূজাৰ শুভ ৰং সেউজীয়া।

মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্ৰি’ৰূপে জনাজাত। এখেতৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা। কালৰাত্ৰি পূজাৰ শুভ ৰং ধোঁৱাবৰণীয়া।

অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’। এখেত সম্পূৰ্ণৰূপে গৌৰবৰ্ণা। এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ, চন্দ্ৰ আৰু কুন্দ ফুলৰ সৈতে দিয়া হয়। মহাগৌৰী পূজাৰ শুভ ৰং বেঙুনীয়া।

দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল ‘সিদ্ধিদাত্ৰী’। এখেতে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু বশিত্ব-সিদ্ধি এই আঠ বিধ। সিদ্ধিদাত্ৰী পূজাৰ শুভ ৰং সেউজীয়া।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button