National

মুম্বাইৰ ২৬/১১ কাণ্ডৰ ১৬ বছৰ সম্পূৰ্ণ

নিউজ ডেক্স, ২৬ নৱেম্বৰঃ
ভাৰতৰ ইতিহাসৰ পাতত আজিৰ দিনটোৰ স্মৃতি ক’লা চিয়াঁহীৰে খোদিত হৈছিল ২০০৮ চনত৷ হঠাতে আক্রমণ চলাই ১০ দনীয়া এটা আক্রমণকাৰী দলে। যি আক্রমণত প্রাণ হেৰুৱাই ১৭৫ গৰাকী লোকে। ইয়াৰ উপৰি কেবাশতাধিক লোক আহত হয়। মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সেই ঘটনাই আজি ১৬ বছৰ । কিন্তু আজিয়ো  দেশবাসীয়ে পাহৰিব পৰা নাই সেই আক্ৰমণৰ ঘটনা। দেশৰ অন্যতম নিৰাপদ স্থান বুলি বিবেচিত মুম্বাইৰ তাজ হোটেলক লক্ষ্য কৰি লৈছিল সন্ত্রাসবাদীয়ে।
সমুদ্ৰ পথেৰে পাকিস্তানৰ পৰা ভাৰত ভূমিত প্ৰৱেশ কৰি লস্কৰ গোটৰ সন্ত্ৰাসবাদীয়ে মুম্বাইত চলাইছিল ভয়ংকৰ আক্ৰমণ ৷ অতি কমেও ১৭৫ গৰাকী লোকে প্ৰাণ হেৰুওৱা এই আক্ৰমণে দেশবাসীক কঁপাই তুলিছিল ৷ তাজ হোটেল, অবেৰয় ট্ৰাইডেণ্ট হোটেল, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ, লিওপোল্ড কেফে, মুম্বাই চাবাদ হাউচ, নৰিমান হাউচ, কামা হাস্পতাল আৰু মেট্ৰ’ চিনেমাত দহজন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ দ্বাৰা সংগঠিতভাৱে ধাৰাবাহিক আক্ৰমণ চলোৱা হৈছিল । পাকিস্তানৰ পৰা সাগৰীয় পথেৰে মুম্বাইলৈ আহি ভাৰতৰ বিত্তীয় ৰাজধানীত ধাৰাবাহিক আক্ৰমণ চলাইছিল দহজন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিভিন্নজনে এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button