ঘাতক মাতৃ! ৫ বছৰীয়া নিজ পুত্ৰক নৃশংসভাৱে হত…
নিউজ ডেক্স, ১৮ অক্টোবৰঃ
মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। প্ৰথমে নিৰুদ্দেশ পাছত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ। দুৰ্গোৎসৱৰ আনন্দ উলাহৰ মাজতে মাৰ্ঘেৰিটাৰ এক নং লাজুমৰ পুৰণি ৰামকৃষ্ণ বিদ্যাপীঠ বিদ্যালয়ৰ খেল পথাৰৰ সমীপৰ নিবাসী পাঁচ বছৰীয়া শিশুটি নবমী পূজাৰ দিনা পুৱা ঘৰৰ পৰাই নিৰুদ্দেশ হৈছিল। পৰৱৰ্তী সময়ত যোৱা সোমবাৰে বুঢ়ীদিহিং নৈৰ চাপৰিত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল।
জানিব পৰা মতে, নৱমীৰ দিনা পুৱা এখন অট’ ৰিক্সাৰে নিজ মাতৃয়ে ঘৰৰ পৰা উলিয়াই নিছিল পুত্ৰ সন্তানক। দিনৰ পুত্ৰ অবিহনে অকলশৰীয়াকৈ বেলেগ এখন অট’ৰে ঘৰলৈ ঘূৰি আহিছিল মহিলাগৰাকী। গাৰ কাপোৰ বোকাৰে লুটুৰি-পুতুৰি হৈ ঘৰলৈ ঘূৰি আহিছিল মহিলাগৰাকী। আৰক্ষীৰ তদন্তত অট’ ৰিক্সা চালকক সোধা-পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।
প্ৰথমে নিৰুদ্দেশৰ নাটক তাৰ পিছত হত্যা নিজ শিশু পুত্ৰক। নিজ জন্মদাত্ৰী মাতৃ কেনেকৈ হ’ব পাৰে ইমান নৃশংস। কোন দিশে গতি কৰিছে মানৱীয় প্ৰমূল্যবোধ। ক’ত হেৰাল এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা অপত্য স্নেহ। কিমান নৃশংস হলে এজনী মাতৃয়ে নিজ শিশু সন্তানক হত্যা কৰিব পাৰে। মাৰ্ঘেৰিটাত নিজ সন্তানক হত্যা কৰাৰ সন্দেহত আটক কৰা হৈছে এগৰাকী মহিলাক। এই ঘটনাই মাৰ্ঘেৰিটাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।
উল্লেখযোগ্য যে যোৱা ১১ তাৰিখে মাৰ্ঘেৰিটাৰ পুৰণি ৰামকৃষ্ণ বিদ্যাপীঠৰ সমীপৰ এই মহিলাগৰাকীয়ে নিজৰ ৫ বছৰীয়া সন্তানৰ নিৰুদ্দেশ হোৱা বুলি মাৰ্ঘেৰিটা থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীৰ তদন্তত ফাদিল হ’ল ভয়ংকৰ তথ্য। পুত্ৰক হত্যা কৰি নিৰুদ্দেশৰ নাটক ৰচা মাতৃৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে।