National

মোবাইলৰ Ear Phoneৰ বাবেই জীৱন শেষ হৈ গ’ল এজন দশম শ্ৰেণীৰ ছাত্ৰৰ

নিউজ ডেক্স, ২৯ জানুৱাৰীঃ

মোবাইল ফোনে প্ৰাণ কাঢ়িলে এজন কিশোৰৰ৷ নামনিমুৱা তীব্ৰ বেগী ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱাই জোনাইৰ দশম শ্ৰেণীৰ এজন কিশোৰে৷ জোনাইৰ তেলেমত বুধবাৰে পুৱাই সংঘটিত হ’ল এক শোকাৱহ দুৰ্ঘটনা। মোবাইলৰ Ear Phoneৰ বাবেই প্ৰাণ গ’ল ছাত্ৰজনৰ। জানিব পৰা মতে, জোনাইৰ মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনৰ পৰা পুৱাই অহা তীব্ৰবেগী নামনিমুৱা ৰে’লৰ খু্ন্দাত মৃত্যু হয় ছাত্ৰজনৰ। কিন্তু মোবাইল ফোন ব্যৱহাৰ কৰি থকাৰ বাবে ৰে”ল অহা গম নাপাই কিশোৰজনে, যাৰ ফলত তেওঁৰ ৰে’লৰ খুন্দাত মৃত্যু হয়। ছাত্ৰজন জোনাইৰ তেলেম জামজিং গাঁৱৰ ১৬ বছৰীয়া ৰনীল দলে বুলি চিনাক্ত হৈছে। তেওঁ দশম শ্ৰেণীত অধ্যয়নৰত আছিল। ঘটনাৰ পিছতে ৰে’লৱে আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button