আজি মহাশিৱৰাত্ৰি! ৰাজ্যৰ মঠ-মন্দিৰত আৰধানা ভক্তৰ

নিউজ ডেক্স, ২৬ ফেব্ৰুৱাৰীঃ
আজি মহাশিৱৰাত্ৰি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ ভোলানাথক পূজিছে ভক্তই। শিৱ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ ভিৰ। প্লাৱন তিথিত ধূপ-দ্বীপ-নৈবদ্য, মন্দিৰে মন্দিৰে অদ্ৰিনাথৰ পূজন। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আজি সমগ্ৰ দেশতে উদযাপন হ’ব শিৱৰাত্ৰি। ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰীৰ উপবাস পালন কৰা হয়। এই দিনটোত ভগৱান শিৱ আৰু মা পাৰ্বতীক পূজা কৰা হয়। এই পৱিত্ৰ দিনটোত ৰাজ্যৰ লগতে দেশৰ মঠ-মন্দিৰসমূহ মুখৰিত হৈ পৰে শিৱ-বন্দনাৰে। এই দিনটোত সকলোৱে উপৱাসে থাকি শিৱৰ ব্ৰত পালন কৰি ভগৱান শিৱৰ আশীষ লাভ কৰে। বিশ্বাস কৰা হয় যে শিৱৰাত্ৰীৰ শুভ সময়ত পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰাসকলৰ জীৱনত থকা সকলো সমস্যা দূৰ হয়। ইয়াৰ উপৰিও বিবাহৰ ক্ষেত্ৰত বাধা আঁতৰ হয়। ইয়াৰ বাহিৰেও ভগৱান শিৱৰ কৃপাত ভক্তই সকলো কামতে সফলতা লাভ কৰে। মন্দিৰলৈ গৈ ভগৱান শিৱক পানী আৰু গাখীৰ অৰ্পন কৰিব। মহা শিৱৰাত্ৰিত ‘ঔম নম: শিৱায়’ জপ কৰিব। মহা শিৱৰাত্ৰিৰ এই দিনটোত সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। শিৱ পূজা কৰাৰ পূৰ্বে শিৱলিংগত পানী, গাখীৰ, কেশৰ, মৌ আৰু গংগা পানী অৰ্পন কৰিব লাগে।মহাশিৱৰাত্ৰি পূজাৰ সময়ত ভগৱান শিৱক বেল পাত্ৰ, ধতুৰা ফল, কেঁচা চাউল, গাখীৰ, দৈ, চন্দন, ঘিউ আৰু পানী আগবঢ়াব লাগে। সফলতা, সমৃদ্ধি, শান্তি আৰু সুখৰ আশীৰ্বাদ লাভ কৰিবলৈ এই সামগ্ৰীসমূহ ভগৱান শিৱক আগবঢ়োৱা হয়।