Cultural

আজি মহালয়া,অশুভ শক্তিক বিনাশৰ বাবে ধৰালৈ আগমন দেৱী দুৰ্গাৰ

নিউজ ডেক্স, ২ অক্টোবৰঃ
আজি মহালয়া। শক্তিৰূপিণী মা দুৰ্গা ধৰাৰ বুকলৈ নামিছে। মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে।পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে, আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল। মহালয়াৰ পুৱা চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাৰ আমন্ত্ৰণ জনোৱা হয়। এই ‘চণ্ডী’ত দেৱী দুৰ্গাৰ সৃষ্টি আৰু দেৱীৰ মহিমাৰ বৰ্ণনা আছে। প্ৰচলিত বিশ্বাস মতে আজিৰে পৰাই খনিকৰে বেদীত প্ৰতিষ্ঠা কৰিবলগীয়া দেৱী জুৰ্গাৰ প্ৰতিমাৰ চকু অংকন কৰিব।
মহালয়াৰ এই পবিত্ৰ দিনটোত দেৱী মাক পূজা, আৰাধনা, স্তুতি-মিনতি কৰিবলৈ, পুৱাৰ এই পৰিবেশত দেৱী দুৰ্গাৰ শক্তিক উপলব্ধি কৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুৱতি নিশাই ৰাজপথলৈ ওলাই আহিছে শ শ ভক্তপ্ৰাণ ৰাইজ। মহালয়াৰ এই পবিত্ৰ পুৱাৰ শীতল বতাহ জাক আকোৱালি লৈ দেৱী দুৰ্গাৰ শক্তিৰ সৈতে একাত্ম হোৱাৰ চেষ্টা কৰিছে। এই মহালয়া শৰৎকালীন দুৰ্গাপূজাৰ এক গুৰুত্বপূৰ্ণ অংগ।
হিন্দু বিশ্বাস অনুসৰি, আজিৰ দিনটোতেই দেৱী দুৰ্গাই তেওঁৰ সন্তান-লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু ভগবান গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ যায়। ইয়াৰ উপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা ৰাক্ষস আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিছিল। জ্যোতিষীয়ে জনোৱা অনুসৰি এইবাৰ মা দুৰ্গা দেৱীৰ আগমন হৈছে দোলাত আৰু গমন হৈছে ঘোঁৰাত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button