National
মহাকুম্ভ মেলাত সন্ধানহীন অসমৰ দুগৰাকী মহিলা

নিউজ ডেক্স, ৩০ জানুৱাৰীঃ
মহাকুম্ভ মেলাত সন্ধানহীন অসমৰ দুগৰাকী মহিলা৷ সন্ধানহীন বিশ্বনাথ চাৰিআলিৰ মঞ্জু দেৱী আগৰৱাল মহিলা গৰাকী আৰু তিনিচুকীয়াৰ বৰহাপজানৰ লীলা দেৱী৷ পৰিয়ালৰ সৈতে মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈছিল লীলা দেৱী মহিলাগৰাকী তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে৷ ২৯ জানুৱাৰীৰ পুৱা ৬ বজাৰ পৰা সন্ধান নাই বিশ্বনাথৰ মঞ্জু দেৱী আগৰৱাল ৷ সন্ধান পালে মঞ্জু দেৱী আগৰৱালৰ 76370-10291, 98640-2000 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ ৷ লীলা দেৱীৰ সন্ধান পালে 84729-00833 অথবা 94355-62222 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান ৷